যোৰহাট: ২০২১ বৰ্ষৰ ২৯ নৱেম্বৰৰ আবেলি সময়ত দুই বন্ধুৰ সৈতে যোৰহাট মাৰোৱাৰী পট্টিত বজাৰ কৰিবলৈ আহিছিল ছাত্র নেতা অনিমেষ ভূঞা । সেই সময়ত সেই স্থানত পৰি থকা এজন অসহায় ব্যক্তিক সহায় কৰিবলৈ যাওঁতেই নিৰজ দাস ওৰফে ক'লা ল’ৰাৰ নেতৃত্বত এদল লোকে বৰ্বৰভাৱে আক্ৰমণ কৰি মৃত্যু মুখলৈ ঠেলি দিছিল অনিমেষক । সৰ্বত্ৰে এই ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল হৈছিল ।
ৰজাঘৰে এই ঘটনাক গৰিহণা দি দোষীক কঠোৰ শাস্তি দিয়া ঘোষণা কৰা লগতে অনিমেষৰ স্মৃতিত এক স্মৃতি সৌধ আৰু পৰিয়াল এজনক সংস্থাপনৰ লগতে বিভিন্ন প্ৰতিশ্ৰুতি দিছিল কিন্তু সেই প্ৰতিশ্ৰুতি তিনি বছৰে মাথোঁ প্ৰতিশ্ৰুতি হৈ ৰ'ল । আজি যোৰহাট মাৰোৱাৰী পট্টিত যোৰহাট জিলা ছাত্র সন্থাৰ আহ্বানত অনিমেষৰ চতুৰ্থ মৃত্যুবাৰ্ষিকী পালন কৰা হয় । আছুৰ লগতে বিভিন্ন দল-সংগঠন আৰু যোৰহটীয়া ৰাইজৰ উপস্থিত হৈ অনিমেষৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অপৰ্ণ কৰা লগতে চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰিবলৈ দাবী উত্থাপন কৰে ।
অনিমেশ ভূঞা হত্যাকাণ্ডৰ প্ৰতিশ্ৰুতি তিনি বছৰেও নহ'ল পূৰণ (ETV Bharat Assam) আনহাতে আজি তৃতীয় মৃত্যু বাৰ্ষিকৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি অভিৱৰ্তন গোস্বামীয়ে কয়, "ৰজাঘৰৰ মন্ত্ৰী, আমোলা, বিষয়াই প্ৰতিশ্ৰুতি দিছিল যে অনিমেষৰ মৃত্যুস্থানত তথা যোৰহাটৰ মাৰোৱাৰী পট্টিত অনিমেষ ভূঞাৰ এটা স্মৃতিসৌধ নিৰ্মাণ কৰা হ'ব । তাত ড্ৰাগছৰ ভয়ৱহতাৰ প্ৰকৃত ছবিখন প্ৰতিফলিত হ'ব ৷ অনিমেষৰ পৰিয়ালৰ কোনো এজন লোকক চৰকাৰী সংস্থাপনৰ লগতে তেওঁৰ জন্মস্থান দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলত নিৰ্মাণ কৰা সাংস্কৃতিক প্ৰকল্প তথা ক্ৰীড়া প্ৰকল্প তেওঁ নামেৰে নামকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল । কিন্তু সেই প্ৰতিশ্ৰুতি যেন আজি তিনিবছৰে প্ৰতিশ্ৰুতি হৈয়েই ৰ'ল ।"
তেওঁ লগতে কয়, "এনেবোৰ প্ৰতিশ্ৰুতি ৰূপায়ণ কৰাৰ বাবে ৰজাঘৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিব লাগিব নেকি ? আনহাতে আইনী প্ৰক্ৰিয়া চলি থকাৰ মাজতে উক্ত ঘটনাত জড়িতসকল মুকলি আকাশৰ তললৈ আহিল ৷ সেই অপৰাধীসকলৰ বিৰুদ্ধে চৰকাৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, সেয়া ৰজাঘৰৰ দায়িত্ব । কিন্তু সেই প্ৰতিশ্ৰুতি আৰু দায়িত্ব পালনৰ বাবে চৰকাৰে ছাত্র সন্থাক আন্দোলনৰ পথলৈ পুনৰ উলিয়াই আনিব নেকি ? যদি কৰে তেনেহ'লে ৰাজপথত আন্দোলন কৰিবলৈ ছাত্র সন্থা সদা প্ৰস্তুত ।"
আনহাতে যোৰহাট জিলা ছাত্র সন্থাৰ সভাপতি প্ৰীতম জ্যোতি শইকীয়াই কয়, "অনিমেষ ভূঞাৰ ঘৰত উপস্থিত হৈ ৰাজ্যৰ বৰ্তমানৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে বহু প্ৰতিশ্ৰুতি দিছিল । লগতে জিলা আয়ুক্তৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ সৈতে হোৱা ছাত্র সন্থাৰ আলোচনাত চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ ১৫ দিনৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু তিনি বছৰে সেয়া পূৰণ নহ'ল । আমাৰ সন্দেহ হয় যোৰহাটবাসী সহযোগত আছুৱে কৰা প্ৰতিবাদ লঘু কৰিবলৈ এনেধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে । আমি দাবী জনাইছো সেই সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি মুখ্যমন্ত্ৰীয়ে নিজৰ কথা ৰাখক ।"
ঘটনা সময়ত অনিমেষৰ সৈতে একেলগে থকা তেওঁৰ বন্ধু মৃদুস্মন্তই কয়, "আমি অনিমেষৰ স্মৃতিসমূহ ধৰি ৰাখিব নোৱাৰিলোঁ । এইয়া আমাৰ বাবে দুৰ্ভাগ্যজনক । লগতে আমাৰ সন্দেহ হৈছে আইনী প্ৰক্ৰিয়াৰ সুৰুঙাৰ মাজেৰে দোষীয়ে সাৰি যাব নেকি ? আমি ৰজাঘৰৰ প্ৰতি এটাই আহ্বান জনাওঁ যে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ লগতে চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰক ।"
আনহাতে, আজি সদৌ যোৰহাট জিলা ছাত্র সন্থাৰ আহ্বানত ৰাইজৰ সহযোগত যোৰহাটৰ মাৰোৱাৰী পট্টি তথা যি স্থানত ঘটনাটো সংঘটিত হৈছিল সেই স্থানত তৃতীয় মৃত্যু বাৰ্ষিকী অনুষ্ঠান পালন কৰা হয় । বিভিন্ন দল-সংগঠন আৰু যোৰহাটীয়া ৰাইজে অমায়িক ছাত্র নেতাজনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে নাম-কীৰ্তন অনুষ্ঠানৰ আয়োজন কৰে ।
ইফালে অনিমেষ ভূঞাৰ হত্যাকাণ্ড গোচৰৰ লোক অধিবক্তা ৰিণ্টু গোস্বামীয়ে কয়, "এই ঘটনা লগত জড়িত থকা অপৰাধত ১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল, ইয়াৰে এজন অভিযুক্ত ক'লা লৰা ওৰফে নীৰজ দাসৰ মৃত্যু হৈছে আৰু এজন আছিল নাবালক । মুঠ ১২ জনৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলি আছে । গোচৰটো সাক্ষী সংখ্যা ৯০ জন আৰু বৰ্তমানলকৈ ৭৫ বা ৭৬ জনৰ সাক্ষী লোৱা হৈছে । সংখ্যা হিচাপত কলে ৭২ জনে আদালত সাক্ষী দিছে আৰু ১৫ জন বাকী আছে । সাক্ষীৰ সংখ্যা সৰ্বাধিক হোৱাৰ বাবে এই প্ৰক্ৰিয়াটো দীঘলীয়া হৈছে । এই গোচৰ প্ৰক্ৰিয়া ২০২২চনৰ এপিল মাহৰ পৰা আৰম্ভ হৈছে আৰু ৰাজ্য চৰকাৰে ২০২২ বৰ্ষৰ আগষ্ট মাহত এই গোচৰটো বাবে লোকঅধিবক্তা হিচাপে মোক নিয়োগ কৰিছিল । সম্ভৱতঃ ৬ মাহৰ ভিতৰত গোচৰটো সাক্ষী প্ৰদান প্ৰক্ৰিয়াটো সমাপ্ত হ'ব ।"