লখিমপুৰ, ৩ আগষ্ট:লখিমপুৰৰ বগীনদী অঞ্চলত ২৯ জুলাইৰ নিশা সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড । ঘটনাটো সংঘটিত হৈছিল বগীনদীৰ ভালাবস্তিত । এখন বাগিচাৰ মাজত ৰাজু ধানোৱাৰ নামৰ লোকজনক হত্যা কৰি মৃতদেহটো চোঁচোৰাই আনি তেওঁৰেই ঘৰৰ চৌহদৰ কুঁৱাত পেলাই দিয়া হৈছিল । ঘটনাটো আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল । কিন্তু এই ঘটনাত ৰাইজ তথা মৃতকৰ পৰিয়ালবৰ্গই সেইখন গাঁৱৰে শিক্ষক কনকেশ্বৰ বুঢ়াগোহাঁই জড়িত বুলি অভিযোগ তুলিছিল ।
শিক্ষক কনকেশ্বৰ বুঢ়াগোহাঁইৰে ৰাজু ধানোৱাৰৰ পত্নীৰ অবৈধ সম্পর্ক থকাৰ অভিযোগ:
মৃতকৰ পত্নীৰে তেওঁৰ অবৈধ সম্পর্ক থকা বুলিও ৰাইজে অভিযোগ তুলিছিল । এনে অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে কনকেশ্বৰ বুঢ়াগোহাঁইক আটক কৰিছিল । সোধাপেচাৰ অন্তত এই ঘটনাত মৃতকৰ ভাতৃ এজনো জড়িত বুলি আৰক্ষী নিশ্চিত হৈ তেওঁকো আটক কৰে । দুয়োকে আদালতত হাজিৰ কৰি আৰক্ষীয়ে ঘটনাটোৰ অধিক অনুসন্ধান কৰাৰ বাবে পাঁচদিনৰ জিম্মাত লয় । তেওঁলোকৰ স্বীকাৰোক্তিমৰ্মে শনিবাৰে আৰক্ষীয়ে দুয়োকে ঘটনাস্থলীলৈ লৈ যায় ।
লগতে পঢ়ক:পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি : লখিমপুৰত লোমহর্ষক হত্যা - Sensational Murder