মৰিগাঁও, ৩ আগষ্ট: শনিবাৰে যৱনিকা পৰিল এক সোণোৱালী ইতিহাসৰ । আমি ক’বলৈ ওলাইছো ১৯৭৩ চনৰ পৰা ২০১৫ চনলৈ সগৌৰৱে অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতীকৰূপে চিহ্নিত হিন্দুস্থান কাগজ কলৰ পঞ্চাশ বছৰীয়া ইতিহাসৰ কথা । ১৯৭৩ চনটো অসমৰ বাবে আছিল এক ঐতিহাসিক বৰ্ষ । এই বৰ্ষটোতে নগাঁও জিলাৰ জাগীৰোডত স্থাপন কৰা হৈছিল এছিয়াৰ সৰ্ববৃহৎ কাগজ কলটো । ইয়াৰ পিচতেই দুহাজাৰ স্থায়ী কৰ্মচাৰীৰ উপৰিও কেইবা হাজাৰ অস্থায়ী কৰ্মচাৰীয়ে লাভ কৰিছিল কৰ্ম সংস্থাপন ।
সকলোৱে পাৰদৰ্শিতাৰ বাবে ইয়াত দৈনিক হাজাৰ হাজাৰ মেট্ৰিক টন কাগজ উৎপাদন হয় । এক প্ৰকাৰে সকলো ঠিকেই চলি আছিল ২০১৫ চনলৈ । ২০১৫ চনৰ পৰা ২০১৮ লৈ কাগজ কলটো কোনোৰকমে চলি থকাৰ পাচত অৱশেষত ২০১৯ চনৰ ২৫ নৱেম্বৰত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধীকৰণে নগাঁও কাগজ কলক দেউলীয়া ঘোষণা কৰে । ইয়াৰ পিচতে হাহাকাৰ লাগিল ইয়াৰ লগত জড়িত হাজাৰ হাজাৰ কৰ্মচাৰীৰ মাজত । কোৱা হ’ল ক’লনীৰ বিলাসী আবাস গৃহ খালী কৰিবলৈ ।
কিছুসংখ্যক লোকে কাগজ কলৰ আবাসগৃহ খালী কৰি বিভিন্ন ঠাইত ঘৰ বনালে । কোনোৱে আকৌ ইঘৰৰ পাচত সিঘৰত থাকিব লগা পৰিস্থিতি সৃষ্টি হয় । একাংশই পদপথত দোকান দি জীৱন-নিৰ্বাহ কৰিবলগীয়া দৰে পৰিস্থিতিৰ সৃষ্টি হয় । ল’ৰা-ছোৱালীৰ শিক্ষানুষ্ঠানত মাচুল দিয়াটো ব্যৰ্থ হয় অধিকাংশ লোক ৷ চিকিৎসাৰ অভাৱত বহুজনে অকালতে প্ৰাণ হেৰুৱালে ।