অসম

assam

ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ত ৭টা উদ্ভাৱনীমূলক নতুন শৈক্ষিক পাঠ্যক্ৰম প্ৰৱৰ্তন - Courses of tezpur university

Innovative Courses at Tezpur University : উদ্ভাৱনীমূলক শৈক্ষিক পাঠ্যক্ৰমৰ অংশ হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ পৰা ৭টা নতুন পাঠ্যক্ৰম প্ৰৱৰ্তনৰ ব্যৱস্থা গ্ৰহণ ।

Tezpur University to introduce 7 new programmes from this academic session
তেজপুৰ বিশ্ববিদ্যালয়ত নতুন পাঠ্যক্ৰম

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 9:20 AM IST

তেজপুৰ, ১৯ মাৰ্চ :তেজপুৰ বিশ্ববিদ্যালয়ত উদ্ভাৱনীমূলক শৈক্ষিক পাঠ্যক্ৰম প্ৰৱৰ্তনৰ অংশ হিচাপে বিশ্ববিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ পৰা ৭টা নতুন পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে জানিব পৰা গৈছে ।

চলিত শিক্ষাবৰ্ষৰ পৰা আৰম্ভ কৰা উদ্ভাৱনীমূলক পাঠ্যক্ৰমসমূহৰ ভিতৰত ডিজাইনৰ স্নাতক ( B.des), চীনা ভাষাৰ স্নাতক (Chinese language), বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ এম টেক (electrical engineer), তথ্য বিজ্ঞানৰ এম টেক (Data Sciences), মহিলা অধ্যয়নৰ (Women Studies) স্নাতকোত্তৰ পাঠ্যক্ৰম, শিক্ষা স্নাতকোত্তৰ ( M. Ed.), আইনৰ পিএইচডিৰ লগতে উদ্যোগ বৃত্তিধাৰীসকল আৰু উদ্যোগৰ সৈতে জড়িত লোকসকলৰ বাবে পিএইচডি পাঠ্যক্ৰমৰ সংযোজন কৰা বুলি বিশ্ববিদ্যালয়ৰ এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পাইছে ।

বিশ্ববিদ্যালয়খনৰ স্নাতক পাঠ্যক্ৰমসমূহ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ চাৰি বছৰীয়া স্নাতক পাঠ্যসূচী (এফ ৱাই ইউ জি পি) অনুসৰি পৰিচালিত হ'ব বুলিও বিজ্ঞপ্তিটোত লগতে প্ৰকাশ পাইছে । ডিজাইনৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি আণ্ডাৰ গ্ৰেজুৱেট কমন প্ৰৱেশ পৰীক্ষা, জেইই (মেইন) অথবা তেজপুৰ বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষাৰ নম্বৰৰ ভিত্তিত হ'ব ।

চীনা ভাষাৰ স্নাতক পাঠ্যক্ৰমৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে চি ইউ ই টি (ইউ জি) ২০২৪-ত অৱতীৰ্ণ হ'ব লাগিব । বৈদ্যুতিক অভিযান্ত্ৰিকত এম টেক আৰু ডাটা বিজ্ঞানত এম টেকৰ বাবে সংশ্লিষ্ট বিভাগৰ GATE-ৰ নম্বৰৰ ওপৰত ভিত্তি কৰি মেধা ভিত্তিত পোনপটীয়াকৈ নামভৰ্তি কৰা হ’ব । GATE-ৰ যোগেদি নহা ছাত্ৰ-ছাত্ৰীসকলে TUEE-2024 বা CUET-PG-ত অৱতীৰ্ণ হ’ব লাগিব ।

মহিলা অধ্যয়নৰ স্নাতকোত্তৰত নামভৰ্তিৰ বাবে বিশ্ববিদ্যালয়খনে ৰাষ্ট্ৰজুৰি অনুষ্ঠিত কৰা টি ইউ ই ই-২০২৪-ৰ কম্পিউটাৰ ভিত্তিক পৰীক্ষাত দেখুওৱা প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰা হ'ব । শিক্ষা স্নাতকোত্তৰৰ (M.Ed.) নামভৰ্তি TUEE আৰু CUET-PG-ৰ জৰিয়তে হ'ব । আইনৰ পি এইচ ডিৰ নামভৰ্তি TUEE 2024 আৰু ব্যক্তিগত সাক্ষাৎকাৰ ভিত্তিত হ’ব ।

উদ্যোগ বৃত্তিধাৰী আৰু উদ্যোগৰ সৈতে জড়িত লোকসকলৰ বাবে আৰম্ভ কৰা পি এইচ ডি পাঠ্যক্ৰমত ইতিমধ্যেই ইনষ্টিটিউট অব চাৰ্টাৰ্ড একাউণ্টেণ্টছ অব ইণ্ডিয়াৰ দুজন, ফেলো কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্টেণ্টৰ এজন, দ্য ইনষ্টিটিউট অব কোম্পানী চেক্ৰেটাৰীজ অব ইণ্ডিয়াৰ এজন আৰু মেচিন লাৰ্নিং বিশেষজ্ঞ এগৰাকীৰ নামভৰ্তি সম্পন্ন কৰা হৈছে ।

বিশ্ববিদ্যালয়খনত নতুনকৈ প্ৰৱৰ্তিত পাঠ্যক্ৰমসমূহে সাম্প্ৰতিক আধুনিক বিশ্বত খাপ খাব পৰা আৰু ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ বিভিন্ন ধৰণৰ শাখাসমূহ সামৰি লৈছে বুলিও বিজ্ঞপ্তিখনত কোৱাৰ লগতে প্ৰতিটো পাঠ্যক্ৰমৰ জৰিয়তে নিজ নিজ ক্ষেত্ৰত লাভৱান হ’ব পৰা আৰু প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতাৰে সজ্জিত কৰাৰ লক্ষ্যৰে ছাত্ৰ-ছাত্ৰীসকলক এক বিস্তৃত শিক্ষা প্ৰদানৰ উদ্দেশ্যে অতি নিখুঁতভাৱে যুগুত কৰি উলিওৱা বুলি উল্লেখ কৰিছে ।

উল্লেখ্য যে এইবাৰ বিশ্ববিদ্যালয়খনে সমগ্ৰ ভাৰতৰ ৩৯টা কেন্দ্ৰত আৰু পাঁচখন বিদেশী ৰাষ্ট্ৰ নেপাল (কাঠমাণ্ডু), বাংলাদেশ (ঢাকা), ভূটান (থিম্ফু) ম্যানমাৰ (ইয়াংগন) থাইলেণ্ডত (বেংকক) সংশ্লিষ্ট নামভৰ্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

এই সম্পৰ্কীয় সকলো তথ্য আৰু বিৱৰণ https://www.tczuadmissions.in/public/ ৱেবছাইটযোগে পোৱা যাব বুলিও লগতে জনোৱা হৈছে ।

লগতে পঢ়ক :১১৬ টা কেন্দ্ৰত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা সম্পন্ন

ABOUT THE AUTHOR

...view details