তেজপুৰ, ২৭ মাৰ্চ :এইবাৰ তেজপুৰৰ চিকিৎসালয়ৰ পৰাই পলায়ন কয়দীৰ । পূৰ্বেও কেইবাবাৰো কয়দী পলোৱাৰ ঘটনা সংঘটিত হোৱা তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ আচামী পুনৰ পলাবলৈ সক্ষম হ'ল । তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা স্বাস্থ্য পৰীক্ষাৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানলৈ লৈ যোৱা কয়দীটোৱে চিকিৎসালয়ৰ পৰাই পলায়ন কৰে ।
উল্লেখ্য় যে তেজপুৰৰ চান্দমাৰী অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰি অহা গভাইত চোৰ চুমন কেওট ওৰফে মাংসক নিজ ঘৰতে চুৰি কাৰ্য সংঘটিত কৰা বাবে যোৱা ১৯ ফ্ৰেৱুৱাৰীত লালমাটি আৰক্ষী থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । পৰৱৰ্তী সময়ত ২১ ফেৱুৱাৰীত চুমন কেওটক ভাৰতীয় দণ্ড বিধিৰ ৪৫৭/৩৮০ ধাৰাৰ অধীনত ৰুজু হোৱা ৮৯/২৪ নং গোচৰত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হয় । পিছলৈ কয়দীটোক ২১ মাৰ্চত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিস্থানলৈ পৰীক্ষাৰ বাবে নি ভৰ্তি কৰোৱা অৱস্থাতে কালি অৰ্থাৎ ২৬ মাৰ্চত আচামী চুমন কেওটে তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ।