কাজিৰঙা, ২৮ জুলাই :কাজিৰঙাৰ দুৰ্গাপুৰত দেওবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দুৰ্গাপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত বাছসহ চাৰিখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ উক্ত দুৰ্ঘটনাটোত কেইবাজনো লোক আহত হোৱাৰ লগতে চাৰিওখন বাহনৰ কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে ।
কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনাটো?
এজন প্ৰত্যক্ষদৰ্শীয়ে এই দুৰ্ঘটনা সংঘটিত হোৱা সন্দৰ্ভত কয়, "যোৰহাট অভিমুখী AS 01EX 6777 নম্বৰৰ এখন বেলেন’ গাড়ীক একেদিশেৰে আহি থকা AS 25C 3056 নম্বৰৰ আলট্ৰা বাছখনে পিছপিনৰ পৰা প্ৰচণ্ড বেগত খুন্দা মাৰে ৷ বাছখনৰ গতিবেগ যথেষ্ট আছিল ৷ ইপিনে, বেলেন’ গাড়ীখনে খুন্দা খাই একেদিশতে থকা সন্মুখৰ AS 01BH 8399 নম্বৰৰ ইঅ’ন আৰু AS 01BT 2543 নম্বৰৰ ইগনিছ গাড়ীত খুন্দা মাৰে ৷" দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই উত্তপ্ত হৈ পৰে পৰিৱেশ ৷
কাজিৰঙা এলেকাত গাড়ীৰ গতিবেগ অমান্য় :
এই দুৰ্ঘটনাক লৈ বেলেন’ গাড়ীৰ যাত্ৰী তথা চালকে আলট্ৰা বাছখনৰ কৰ্তৃপক্ষক জবাবদিহি কৰে ৷ যি সময়ত কাজিৰঙা এলেকাত গাড়ীৰ গতিবেগ যথেষ্ট হ্ৰাস কৰা হৈছে, ঠিক তেনে সময়ত আলট্ৰা বাছখনে কি কাৰণত নিৰ্দিষ্ট গতিবেগতকৈ অধিক বেগত গাড়ীখন চলালে তাক লৈ প্ৰশ্ন কৰে বেলেন’ গাড়ীৰ যাত্ৰীয়ে ৷