চিৰাং,২১ জানুৱাৰী:চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত ডাংতলত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক ঘটনা । চাৰিজনীয়া যুৱকৰ কামনাৰ বলি এগৰাকী কিশোৰী । ধৰ্ষিতা কিশোৰীয়ে সন্তান প্ৰসৱ কৰাৰ পাছতহে পোহৰলৈ আহিল ধৰ্ষণকাণ্ডৰ তথ্য । ঘটনাসন্দৰ্ভত তিনি যুৱকক গ্ৰেপ্তাৰ, বৰ্তমানো পলাতক এজন ।
চাৰিজনীয়া যুৱকৰ বিৰুদ্ধে এগৰাকী ১৪ বছৰীয়া জনজাতীয় কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । উক্ত ঘটনাক কেন্দ্ৰ কৰি ডাংতল আৰক্ষী চকীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি । শনিবাৰে নিৰ্যাতিতা কিশোৰীগৰাকীয়ে নিজৰ ঘৰতে এটি শিশুৰ জন্ম দিয়াৰ পিছত দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহে । ডাংতল আৰক্ষী চকীৰ অন্তৰ্গত তিনি নাবালক যুৱক আৰু বঙাইগাঁও আৰক্ষী থানাৰ চেন্ট্ৰেল ৰে'লৱে কলনীৰ কাৰ্তিক বৈদ্য নামৰ এজন বিবাহিত যুৱকৰ বিৰুদ্ধে কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে ।