জোনাই, 20 মে’ :সৰ্বশিক্ষা অভিযান মিছন আৰু শিক্ষাৰ অধিকাৰ আইন 2009 অনুসৰি কোনো এগৰাকী শিক্ষাৰ্থীক শিক্ষকে শাৰীৰিক আৰু মানসিকভাৱে শাস্তি প্ৰদান কৰাতো আইন মতে অপৰাধ ৷ অৱশ্যে এই আইনক সময়ে সময়ে উলংঘা কৰা পৰিলক্ষিত হৈ আহিছে ৰাজ্যৰ একাংশ শিক্ষকে ৷ তেনে এক ঘটনাই শেহতীয়াকৈ পোহৰলৈ আহিছে ৷
ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত হৈছে শিক্ষকে ছাত্ৰীক নিৰ্যাতন চলোৱাৰ ঘটনা ৷ চিলাপথাৰৰ ব্যক্তিগত খ্ৰীষ্টান মিছনেৰী স্কুলত শিক্ষকতাৰ নামত অতপালি চলোৱাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী শিক্ষয়ত্ৰীৰ বিৰুদ্ধে । অভিভাৱক তথা ভুক্তভোগী ছাত্ৰৰ অভিযোগ অনুসৰি শিক্ষয়ত্ৰীৰ কাণতলীয়া চৰত গুৰুতৰভাৱে আহত হয় এগৰাকী 2 য় শ্ৰেণীৰ ছাত্ৰী । এই ঘটনাটো সংঘটিত হৈছে চিলাপথাৰৰ ডন'বস্ক’ হাইস্কুলত ।
বিদ্যালয়খনৰ সুদ্বিপা পাল নামৰ এগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে উঠিছে ছাত্ৰীক শিক্ষাদানৰ নামত চৰম শাস্তি দিয়াৰ অভিযোগ । বিদ্যালয়খনৰ দ্বিতীয় শ্ৰেণীৰ 7 বছৰীয়া এগৰাকী শিক্ষাৰ্থীক শাৰীৰিকভাৱে আঘাত কৰাৰ অভিযোগ উত্থাপন হৈছে শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে ৷