মৰাণ, ২১ মে' :প্ৰাপ্য অধিকাৰ বিচাৰি সহস্ৰাধিক বাগিচা শ্ৰমিকে কৰা প্ৰতিবাদত কঁপি উঠিল মৰাণ আৰু লাহোৱাল । মৰাণৰ সমীপৰ দুখনকৈ চাহবাগিচা ক্ৰমে বামুণবাৰী আৰু খোৱাং চাহ বাগিচাত পৃথকে পৃথকে সহস্ৰাধিক শ্ৰমিকে সমদল কৰি কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু এণ্ড্ৰিউ য়ুল কোম্পানীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
অসম চাহ মজদুৰ সংঘৰ আহ্বান ক্ৰমে এণ্ড্ৰিউ য়ুল চাহ কোম্পানীৰ শ্ৰমিক বিৰোধী নীতি, দা-দৰমহা, ৰেচন, চিকিৎসা সেৱা, ভৱিষ্য নিধিৰ গ্রেচ্যুইটী আদায় নিদিয়া আৰু শ্রম আইন বলবৎ নকৰা বাবে ৰাজপথতে প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে । কেৱল ইমানেই নহয় ৰাজপথতে প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, শ্ৰমমন্ত্ৰী আৰু বাগিচাৰ পৰিচালন সঞ্চালকৰ প্ৰতিকৃতি দাহ কৰে । এই প্ৰতিবাদত সহযোগ কৰে আছা আৰু আটছাৰ নেতাসকলে ।
আনহাতে, ভাৰত চৰকাৰৰ এটি বৃহৎ চাহ সংস্থাৰ এণ্ড্ৰিউ য়ুল এণ্ড কোম্পানী লিমিটেডৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ লাহোৱালত চাহ শ্ৰমিকে তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে । ডিব্ৰুগড়ৰ লাহোৱালৰ বাচমতীয়া চাহ বাগিচা কাৰ্যালয়ৰ সন্মুখত কেইবাখনো বাগিচাৰ শ শ চাহ শ্ৰমিকে একত্ৰিত হৈ মঙলবাৰে নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ।
এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিকৃতি দাহ কৰে । প্ৰতিবাদকাৰীসকলে "বিজেপি চৰকাৰ হায় হায়", "শ্ৰমিক ঐক্য জিন্দাবাদ" আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।