অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

বোনাচক কেন্দ্ৰ কৰি ক্ষোভিত শ শ শ্ৰমিকে অৱৰোধ কৰিলে ঘাইপথ - Tea estate labours protest

Protest in Dibrugarh: বোনাচক কেন্দ্ৰ কৰি ডিব্ৰুগড়ৰ দুই চাহ বাগিচাত প্ৰতিবাদ ৷ ক্ষোভিত শ শ শ্ৰমিকে অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ ৷ চৰাইদেউৰ হিংৰিজান চাহ বাগিচাত ক্ষুব্ধ শ্ৰমিকে ঘেৰাও কৰিলে বাগিচা পৰিচালকৰ কাৰ্যালয় ৷

Tea estate labours protest
বোনাচক কেন্দ্ৰ কৰি ক্ষোভিত শ শ শ্ৰমিকে অৱৰোধ কৰিলে ঘাইপথ (ETV Bharat Assam)

ডিব্ৰুগড়, ২ অক্টোবৰ:পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতো সমস্যাৰ ওৰ পৰা নাই চাহ শ্ৰমিকৰ । প্ৰতিদিনে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগা হৈছে চাহ শ্ৰমিকসকলে । কম মজুৰিত কাম কৰি জীৱন চলাই ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াই অহা চাহ বাগিচাৰ শ্ৰমিকে প্ৰতিটো দিনতে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে । নিজৰ প্ৰাপ্য বিচাৰি চাহ বাগিচাই বাগিচাই চাহ শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে । কিয়নো সমাগত দুৰ্গা পূজা ।

দুৰ্গা পূজাৰ বাবে সকলোৱে চলাইছে ব্যাপক প্ৰস্তুতি । শাৰদীয় দুৰ্গা পূজা সমাগত হ'লেই বোনাচক কেন্দ্ৰ কৰি বৃদ্ধি হয় চাহ শ্ৰমিকৰ ক্ষোভ, অসন্তুষ্টি । এইবাৰো একেই পৰিবেশ । চৰাইদেউ আৰু ডিব্ৰুগড় জিলাত ভাৰত চৰকাৰৰ এণ্ড্ৰু য়ুল কোম্পানীৰ মালিকানাধীন চাহ বাগিচাসমূহত বোনাচক কেন্দ্ৰ কৰি চাহ শ্ৰমিকে সাব্যস্ত কৰিছে প্ৰতিবাদ । আজি মহালয়াৰ দিনাই বোনাচক কেন্দ্ৰ কৰি ডিব্ৰুগড়ৰ টিংখাঙত দুখন চাহ বাগিচাত প্ৰতিবাদ । কেইবাশ চাহ শ্ৰমিকে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

বোনাচক কেন্দ্ৰ কৰি ক্ষোভিত শ শ শ্ৰমিকে অৱৰোধ কৰিলে ঘাইপথ (ETV Bharat Assam)

টিংখাং চাহ বাগিচাত প্ৰতিবাদ:

এণ্ড্ৰু য়ুল কোম্পানীৰ মালিকানাধীন টিংখাং চাহ বাগিচা আৰু ৰাজগড় চাহ বাগিচাত শ্ৰমিকসকলে বুধবাৰে বাগিচাৰ কাম স্থগিত ৰাখি প্ৰাপ্যৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । টিংখাং চাহ বাগিচাৰ কেইবাশ চাহ শ্ৰমিকে বাগিচাখনৰ পৰিচালকৰ কাৰ্যালয় সন্মুখত মৰাণ নাহৰকটীয়াত পথ অৱৰোধ কৰি বাগিচাখনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পূজাৰ পূৰ্বে ১৬ শতাংশ আৰু পৰৱৰ্তী সময়ত বাকী ৪ শতাংশ বোনাচ দিয়াৰ দাবী তোলে । অতি ব্যস্ত পথটো অৱৰোধ কৰি ৰখাৰ ফলত যাতায়তৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হ'বলগা হয় পথচাৰী । বাগিচা কৰ্তৃপক্ষই শ্ৰমিকসকলক ১১ শতাংশ বোনাচ দিব বুলি ঘোষণা কৰাৰ লগে লগে এই পৰিস্থিতি সৃষ্টি হৈছে । প্ৰতিবাদী শ্ৰমিকসকলে আকোঁৰগোজ স্থিতিত অটল থাকি দুৰ্গা পূজাৰ আগত ১৬ শতাংশ বোনাচ দিব লাগিবই বুলি দাবী কৰে ।

ৰাজগড় চাহ বাগিচাত প্ৰতিবাদ:

ভাৰত চৰকাৰৰ এণ্ড্ৰু য়ুল কোম্পানীৰ মালিকানাধীন ডিব্ৰুগড়ৰ ৰাজগড় চাহ বাগিচাতো ক্ষোভিত চাহ শ্ৰমিকে সাব্যস্ত কৰিছে প্ৰতিবাদ । বাগিচাখনৰ কেইবাশ শ্ৰমিকে ৰাজগড় চাহ বাগিচাৰ চৌহদত সমবেত হৈ উত্তাল পৰিবেশৰ সৃষ্টি কৰে । চাহ শ্ৰমিকসকলে পূজাৰ পূৰ্বে ১৬ শতাংশ আৰু পৰৱৰ্তী সময়ত বাকী ৪ শতাংশ বোনাচ দিয়াৰ দাবী তোলে । এটা বছৰ কাম কৰি ১১ শতাংশ বোনাচে একোৱেই জোৰা মাৰিব নোৱাৰি বুলি জনাবলৈ দিছে শ্ৰমিকসকলে । দুৰ্গা পূজাৰ আগতে টেবুল পদ্ধতিৰে ১৬ শতাংশ বোনাচ দিব লাগিব আৰু বাগিচা কৰ্তৃপক্ষৰ সিদ্ধান্ত কোনো কাৰণতে মানি নলও বুলি দাবী কৰিছে শ্ৰমিকসকলে ।

১১% বোনাচ প্ৰদানক কেন্দ্ৰ কৰি চৰাইদেউৰ হিংৰিজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি:

শাৰদীয় দূৰ্গোৎসৱৰ প্ৰাকক্ষণত বোনাচক কেন্দ্ৰ কৰি আজি উত্তপ্ত হৈ পৰে চৰাইদেউ জিলাৰ মৰাণৰ হিংৰিজান চাহ বাগিচা ৷ উল্লেখ্য মঙলবাৰে নিশা বাগিচাৰ শ্ৰমিকসকলৰ একাউন্টত ১১ শতাংশ বোনাচ ভৰাই দিয়ে ৷ এই বিষয়ে জানিব পাৰি আজি বাগিচাখনৰ শ্ৰমিকসকলে কাম বন্ধ কৰি বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ত সমবেত হয় ৷ ২০ শতাংশ বোনাচৰ পৰিৱৰ্তে মাত্ৰ ১১ শতাংশ বোনাচ প্ৰদান কৰাত ক্ষুব্ধ শ্ৰমিকসকলে বিভিন্ন শ্লোগানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ আনহাতে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ কৰ্মীসকলে ঘটনাস্থলীত উপস্থিত হৈ শ্ৰমিকসকলৰ লগত প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য এণ্ড্ৰু য়ুল কোম্পানীৰ মালিকানাধীন হিংৰিজান চাহ বাগিচাত দীৰ্ঘদিন ধৰি নিয়মীয়া মজুৰি, ৰেচন আৰু অন্যান্য সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে শ্ৰমিকসকল ৷ এনে সময়তে দুৰ্গা পূজাৰ প্ৰাকক্ষণত কেৱল ১১ শতাংশ বোনাচ প্ৰদান কৰাত বাগিচাখনত উত্তেজনাৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক:শৰাইত তামোল-পাণসহ ৰাইজে ওভতালে স্মাৰ্ট মিটাৰ - Protest Against Smart Meter

চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত উত্তাল ৰাজ্য় - Chutia Students Union protest

আদিবাসী বাচাও সংগ্ৰামত ২০২৬ চনৰ পূৰ্বেই জনজাতিকৰণৰ দাবী আছাৰ - AAASA Demand ST

ABOUT THE AUTHOR

...view details