গুৱাহাটী ৩ মাৰ্চ:আহোম জাতিৰ উপৰিপুৰুষ তথা বংশকূলক তুচ্চ-তাচ্ছিল্য কৰাৰ অভিযোগ উত্থাপন কৰি জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ বিৰুদ্ধে প্ৰতিবাদ অব্য়াহত ৰাখিছে টাই আহোম যুৱ পৰিষদে । আজি মহানগৰীৰ খানাপাৰাৰ কইনাধৰা জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ বাসগৃহৰ সন্মুখত টাই আহোম যুৱ পৰিষদ আৰু টাই আহোম মহিলা পৰিষদে দেওবাৰে দিনত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মনোজ গোস্বামীৰ প্ৰতিকৃতি খানাপাৰা উৰণীয়া সেতুৰ পৰা চোঁচৰাই আনি তেওঁৰ বাসগৃহৰ সন্মুখত তেওঁৰ প্ৰতিকৃতিত টাই আহোম মহিলা পৰিষদৰ সদস্যাসকলে দাহ কৰে ।
প্ৰতিবাদকাৰীসকলে "মনোজ গোস্বামী হায় হায়","মনোজ গোস্বামী হুছিয়াৰ","মনোজ গোস্বামী সাৱধান" আদি শ্লগানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷ মনোজ গোস্বামীৰ ঘৰ ঘেৰাও কৰাৰ উদ্দেশ্যে যেতিয়া প্ৰতিবাদকাৰীসকল আগবাঢ়ে তেতিয়া আৰক্ষী প্ৰশাসনে পৰিষদৰ সদস্য সকলক বাধা প্ৰদান কৰে । টাইপাৰ কেন্দ্ৰীয় মুখপাত্ৰ গুণকান্ত গগৈয়ে আৰক্ষী প্ৰশাসনক এই সন্দৰ্ভত প্ৰশ্ন কৰে যে টাই আহোম যুৱ পৰিষদে আৰু টাই আহোম ছাত্ৰ সন্থাই মনোজ গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ ৩ দিন পিছতো তেওঁক আজি পৰ্যন্ত কি কাৰণত গ্ৰেপ্তাৰ কৰা হোৱা নাই ৷ তেওঁক কি কাৰণত অসম চৰকাৰে ৰক্ষণাবেক্ষণ প্ৰদান কৰি আছে বুলিও তেওঁ প্ৰশ্ন কৰে ৷ অসমৰ দুই জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টিৰ বাবে প্ৰয়াস কৰা দালালৰ ঘৰৰ সন্মুখত কি কাৰণে শ শ আৰক্ষী মোতায়ন কৰিছে বুলিও তেওঁ প্ৰশ্ন কৰে ।