সাংবাদিক মনোজ গোস্বামীৰ প্ৰতি ক্ষোভ গোলাঘাট, 28 ফেব্ৰুৱাৰী : সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে আহোম জনগোষ্ঠীক লৈ সামাজিক মাধ্যমত দিয়া এটা পোষ্টক কেন্দ্ৰ কৰি আহোম জনগোষ্ঠীৰ প্ৰতিটো সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ সংগঠনটোৰ নেতৃত্বই কয় যে মনোজ গোস্বামীয়ে ইতিহাস জনা উচিত ৷ আউনিআটি সত্ৰ, কুৰুৱাবাহী সত্ৰ, কমলাবাৰী সত্ৰৰ ভূমি কোনে দান দিছিল সাংবাদিক হৈ তেওঁ সেই কথা জনা উচিত ।
সংগঠনটোৱে সাংবাদিকগৰাকী জড়িত হৈ থকা এখন কাকত আৰু বৈদ্যুতিন সংবাদ গোষ্ঠীটোৰ পৰা ২৪ ঘন্টাৰ ভিতৰত তেওঁক অপসাৰণ কৰাৰ দাবী তোলে ৷ যদি তেওঁক অপসাৰণ নকৰে তেতিয়া অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰাৰ লগতে সমগ্ৰ অসমত উক্ত বাতৰি কাকত আৰু ইলেকট্ৰনিক সংবাদ মাধ্যমৰ প্ৰচাৰ বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰে ৷
আনহাতে শীঘ্ৰেই সাংবাদিকগৰাকীক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ সকীয়নি প্ৰদান কৰে ৷ তাকে নকৰিলে অনাগত দিনত কাকতখনৰ প্ৰচলন বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰে ৷ বৰ অসমখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতি নাইকিয়া কৰিবলৈ সাংবাদিক গৰাকীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এনেধৰণৰ পোষ্ট কৰিছিল বুলি সংগঠনটোৰ নেতাই উল্লেখ কৰে ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে সামাজিক মাধ্যমত এটা পোষ্ট লিখিছিল । তাৰ পাচৰে পৰা বিশেষকৈ আহোম জনগোষ্ঠীৰ লোকসকল সাংবাদিক গৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰে । তেখেতে পোষ্টটোত লিখিছিল, ‘ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় কোঁচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ নিৰাপদ আশ্ৰয় আৰু পৃষ্ঠাপোষকতাতেই শংকৰদেৱ আৰু মাধৱদেৱে উৎকৃষ্টতম বৈষ্ণৱী সাহিত্যসমূহ ৰচনা কৰিছিল । মহাপুৰুষ দুজনাৰ প্ৰতিভা আৰু সৃষ্টিশীলতাৰ প্ৰতি নৰনাৰায়ণ আৰু চিলাৰায়ৰ আছিল অগাধ শ্ৰদ্ধা । যিটো কথা সমসাময়িক অসমৰ আনবোৰ শাসকৰ ক্ষেত্ৰত ক’ব নোৱাৰি । উজনি আৰু মধ্য অসমত বাৰে বাৰে শংকৰদেৱ আৰু মাধৱদেৱ সেই সময়ৰ বিভিন্ন ৰজাৰ পৰা অবিশ্বাস্য হাৰাশাস্তিৰ সন্মুখীন হৈছিল । একাধিকবাৰ মৃত্যুদণ্ডৰে দণ্ডিত হৈ দুয়োজনৰ কথমপিহে প্ৰাণ ৰক্ষা পৰিছিল । নৰনাৰায়ণ আৰু চিলাৰায়ৰ প্ৰতি অসমীয়া মানুহ মাথো এইকাৰণেই চিৰকৃতজ্ঞ থকা উচিত । অসমৰ মূল বুৰঞ্জীসমূহত কিন্তু নৰনাৰায়ণ আৰু চিলাৰায়ে পৰ্যাপ্ত গুৰুত্ব পোৱা নাই, যিমান পাইছে সেই নৃশংস অত্যাচাৰী নৃপতিকূলে ।’
লগতে পঢ়ক :সাংবাদিক মনোজ কুমাৰ গোস্বামীক আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজাৰ দাবী