নিউজ ডেস্ক : ওদালগুৰি জিলাৰ টংলাত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য । দুটিকৈ শিশুৰ মৃতদেহ উদ্ধাৰৰ পিছতেই আটক কৰা হয় তেওঁলোকৰ সতীয়া ভাতৃক । আৰক্ষীয়ে সম্প্ৰতি অপৰাধৰ লগত জড়িত অস্ত্ৰ জব্দ কৰি প্ৰমাণ সংগ্ৰহ কৰি আছে । আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও টুইট কৰি এই কথা সদৰী কৰে ।
ইয়াৰ পিছতে বিটিআৰৰ আইজিপি বিবেকৰাজ সিং আৰু ওদালগুৰি আৰক্ষী অধীক্ষক পুস্কিন জৈনে সংবাদমেল সম্বোধন কৰি সদৰী কৰে ঘটনাৰ কিছু তথ্য ।
আইজিপি বিবেকৰাজ সিঙে ঘটনা সন্দৰ্ভত কয়, "পিতৃৰ পৰা অৱহেলাৰ বাবে হত্যাৰ বলি হোৱা দুই কিশোৰৰ সতীয়া ভাতৃ নীৰজ শৰ্মাৰ মনত সৃষ্টি কৰিছিল তীব্ৰ ঘৃণাৰ । ১৮ বছৰৰ উৰ্দ্ধৰ নীৰজে শিক্ষাগ্ৰহণ কৰি আছিল পঞ্জাবত । মাতৃয়ে পঞ্জাৱত কাম কৰাৰ বাবে মাতৃৰ সৈতেই আছিল নীৰজ । দুবছৰ পূৰ্বে টংলালৈ অহা নীৰজে বৰ্তমান টংলা কলেজত ৰাজনীতি বিজ্ঞানৰ স্নাতক প্ৰথম বৰ্ষত অধ্যয়ণৰত ।"