যোৰহাট,৩০ জুলাই:জন্মলগ্নৰে পৰা বিশেষভাৱে সক্ষম এটি কন্যা শিশু । বিশেষভাৱে সক্ষম হোৱাত পিতৃ-মাতৃয়ে শিশুটিক গতাই দিছিল যোৰহাটৰ এটা শিশুগৃহত । আনহাতে নিঃসন্তান ছুইডেনৰ এক দম্পতীয়ে এটি শিশুক নিজৰ কৰি ল'বলৈ দেশে দেশে যোগাযোগ অব্যাহত ৰাখিছিল । বিভিন্ন দেশৰ শিশু দত্তক এজেঞ্চিৰ ৱেবছাইট খুচৰি ফুৰিছিল । এপাকত তেওঁলোকৰ চকুত পৰে অসমৰ যোৰহাটৰ এটি শিশুগৃহত উমলি থকা এটি বিশেষভাৱ সক্ষম কন্যা শিশু ।
ঈশিকাক আঁকোৱালি ল'লে ছুইডেনৰ দম্পতীয়ে:
শিশুটিক বিধিগত নিয়ম অনুসৰি তুলি ল'বলৈ তেওঁলেকে কৰিলে আবেদন । অৱশেষত মঙলবাৰে এই দম্পতীৰ উমাল কোলাত সোমাই পৰিল ঈশিকা । ভাৰত চৰকাৰৰ শিশু হস্তান্তৰ আঁচনি "মিছন বৎস্যয়াল" মৰ্মে যোৰহাটত ছুইডেনৰ এই দম্পতীক গতাই দিয়া হল শিশুটি । মঙলবাৰে যোৰহাট আবৰ্ত ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত বিধিগত ভাবে শিশুটিক হস্তান্তৰ কৰাৰ লগতে যাৱতীয় চুক্তিও সম্পন্ন কৰা হয় ।