অসম

assam

ETV Bharat / state

কোনে প্ৰকাশ কৰিলে সভাপতিৰ তালিকা ? একো গমেই নাপায় সাহিত্য সভাৰ সভাপতিয়ে ! - ASSAM SAHITYA SABHA CONTROCERSY

Assam Sahitya Sabha: অসম সাহিত্য সভাৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা চলি থাকোতেই সভাপতিৰ নামৰ তালিকা কোনে কৰিলে প্ৰকাশ ?

Assam Sahitya Sabha
অসম সাহিত্য সভাৰ নিৰ্বাচন বিতৰ্ক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 6, 2024, 12:52 PM IST

তিনিচুকীয়া: অসম সাহিত্য সভাৰ পূর্ণাংগ অধিৱেশনখন পাঠশালাত অনুষ্ঠিত হ’ব । ইয়াৰ পূৰ্বে সভাৰ ৮৪৯ খন সক্রিয় শাখাই নির্বাচনত ভোটদান কৰি বিষয়ববীয়া নিৰ্বাচন কৰিব । ইপিনে,সভাৰ সভাপতি নির্বাচনক লৈ এইবাৰ সভাই আকৌ এবাৰ সংবিধান সংশোধন কৰি এখন সাতজনীয়া এখন উচ্চস্তৰীয় সমিতি গঠন কৰে । এই সমিতিয়ে পাঁচগৰাকী ব্যক্তিক নির্বাচন কৰিব ৷ ইয়াৰ পিচতেই আৰম্ভ হ'ল বিতৰ্ক । এই বিতৰ্কই এতিয়া জটিল ৰূপ ধাৰণ কৰিছে ।

অসম সাহিত্য সভাৰ নিৰ্বাচনক লৈ ইতিমধ্যে আৰম্ভ হৈছে কুচ-কাৱাজ । তাৰ সমান্তৰালভাৱে ব্যাপকভাৱে চৰ্চা হৈছে অসম সাহিত্য সভাৰ সভাপতিৰ পদৰ বাবে কেইবাগৰাকীও ব্যক্তিৰ নাম । একাংশ অ-সাহিত্যিকে অসম সাহিত্য সভাৰ ইতিহাসত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ উঠি-পৰি লাগিছে বুলি ইতিমধ্যে সৰ্বত্ৰে চৰ্চিত হৈছে । সভাপতি নিৰ্বাচনৰ বাবে এখন তালিকা প্ৰকাশ কৰাৰ লগতে সংবিধান সংশোধন কৰা বুলি চৌদিশে চৰ্চা চলিছে ।

অসম সাহিত্য সভাৰ নিৰ্বাচন বিতৰ্ক (ETV Bharat Assam)

‘‘আমি কোনো তালিকা প্ৰকাশ কৰা নাই’’- সভাপতি

একাংশৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ হাতোৰাত অসম সাহিত্য সভা বন্দী হোৱা বুলিও চৰ্চা হোৱাৰ সময়তেই মঙলবাৰে শদিয়াত অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই সংবাদমাধ্যমৰ আগত মুখ খুলিলে । অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "আমি কোনো তালিকা প্ৰকাশ কৰা নাই সেই কাৰণে আমি এইবোৰ কথা নাজানো ৷ অসম সাহিত্য সভাৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা চলি আছে আৰু পৰৱৰ্তী সময়ত পুনৰ বৈঠক বহিব । সেই বৈঠকৰ পাছতহে সভাপতি প্ৰক্ৰিয়াটো হৈ উঠিব । এতিয়ালৈ আমি কোনো আনুষ্ঠিকভাৱে তালিকা প্ৰকাশ কৰা নাই ।"

লগতে পঢ়ক:সাহিত্যৰ ৰাজনীতিৰ ক’লা অধ্যায়; সভাপতি হ'ব কোন ?

অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে কোনে কোনে সংগ্ৰহ কৰিলে মনোনয়ন পত্ৰ

ABOUT THE AUTHOR

...view details