নগাঁও :“অসমক উদ্যোগিক হাব হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই উদ্দেশ্য আগত লৈয়েই বিদেশত গৈ বৃহৎ উদ্যোগপতিক সাক্ষাৎ কৰি আমন্ত্ৰণ জনাই অসমত আয়োজন কৰিছে এডভান্টেজ আছাম ২.o ৰ ।” এই মন্তব্য নতুনকৈ অসম চৰকাৰৰ মন্ত্ৰিত্ব লাভ কৰা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালৰ ।
শুক্ৰবাৰে নগাঁও, মৰিগাঁও আৰু হোজাই জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি এডভান্টেজ আছাম ২.o সন্দৰ্ভত মন্তব্য কৰে মন্ত্ৰী কৃষ্ণেন্দু পালে ।
নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ ক্ষুদ্ৰ উদ্যোগিৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত ক্ষুদ্ৰ উদ্যোগীক এডভান্টেজ আছাম ২.o ৰ বাবে নিজৰ নিজৰ নাম পঞ্জীয়ন কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনায় জিলাখনৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালে ।
এডভান্টেজ আছাম ২.o সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ ক্ষুদ্ৰ উদ্যোগীসকলৰ এক কৰ্মশালা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী কৃষ্ণেন্দু পালে মধ্য অসমৰ গুৰুত্বপূৰ্ণ নগাঁও জিলাতো বৃহৎ উদ্যোগ স্থাপনৰ পোষকতা কৰে ।
লগতে সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী কৃষ্ণেন্দু পালে কয়, “জাগীৰোডত টাটা গ্ৰুপৰ ছেমিকণ্ডাক্টৰৰ কাম দ্ৰুত গতিত চলি আছে । অসমখনক উদ্যোগিক হাব হিচাপে গঢ়ি তুলিব পাৰিলে অসমৰ কোনো যুৱক-যুৱতী আৰু বহিঃৰাজ্যত গৈ কামৰ সন্ধান কৰিব নালাগে । নিজৰ ঘৰতেই পিতৃ-মাতৃৰ লগত থাকি সংস্থাপন লাভ কৰিব অসমৰ শিক্ষিত যুৱক-যুৱতীয়ে ।”
ইপিনে, অহা অক্টোবৰ মাহৰ ভিতৰতেই অসমৰ সকলো উন্নয়নমূলক কাম সম্পূৰ্ণ কৰিবলৈ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী কৃষ্ণেন্দু পালে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আখৰে আখৰে পালন কৰিব লাগিব বুলিও মন্তব্য কৰে নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে ।