যোৰহাট, ৮ অক্টোবৰ:মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ আন্তৰ্জাতিক মানৰ যোৰহাট ষ্টেডিয়াম নিৰ্মাণত স্থৱিৰতা । যোৰহাটত বিজেপিৰ বিপৰ্যয়ৰ বাবে স্থৱিৰতা আহিছে নেকি উন্নয়নমূলক প্ৰকল্পৰ কাম-কাজত ? যোৰহাটত উন্নয়নমূলক কাম-কাজত বিগত কেইবা মাহৰ পৰা হোৱা স্থৱিৰতাক লৈ জনসাধাৰণৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া আৰু ক্ষোভ ।
বিজেপি চৰকাৰে যোৰহাটত গ্ৰহণ কৰা কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ কাম-কাজৰ স্থবিৰতা তথা লেহেমীয়া গতিক কেন্দ্ৰ কৰি জনসাধাৰণে বিশেষ ৰাজনৈতিক প্ৰভাৱ থকা বুলি ভাবিবলৈ বাধ্য হৈছে । বছৰ পূৰ্বে কাম আৰম্ভ কৰা আন্তৰ্জাতিক মানৰ যোৰহাট ষ্টেডিয়াম, নেহৰু পাৰ্ক, গান্ধী পাৰ্ক আদি প্ৰকল্পৰ অগ্ৰগতি ২৫ৰ পৰা ৩০ শতাংশও নহয় বুলি ৰাইজে অভিযোগ কৰিছে ।
সৰুসজাইৰ আৰ্হিত নিৰ্মিত ষ্টেডিয়ামত স্থৱিৰতা
উল্লেখ্য যে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পিচতেই অসমৰ অন্যতম পুৰণি ষ্টেডিয়ামখনক সৰুসজাইৰ আৰ্হিত আৰু আন্তৰ্জাতিক মানসম্পন্ন ষ্টেডিয়াম হিচাপে গঢ়ি তোলা হ'ব বুলি ঘোষণা কৰিছিল । সেই অনুসৰি বাজেটত ইয়াৰ বাবে পুঁজিও ধাৰ্য কৰা হৈছিল । প্ৰায় ৯০ বিঘা ৩ কঠা ভূমিত বৃহৎ পৰিমাণৰ পুঁজিৰে ইনড'ৰ ষ্টেডিয়াম, হোটেল ব্লক পেভেলিয়ন, পেৰেড গ্ৰাউণ্ড, এথলেটিক ট্ৰেক, ক্ৰিকেট ঘৰ, হোষ্টেল, ছাৰ্ভিছ ব্লক, পহৰাদাৰী কক্ষ আদি নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰা হৈছিল ।
এই বৃহৎ পৰিমাণৰ পুঁজিৰে নিৰ্মাণ কৰা প্ৰকল্পটোৰ ঠিকা লাভ কৰিছিল চেন্নাই ৰেংক প্ৰজেক্ট প্ৰাইভেট লিমিটেডে । ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীনত কাম কৰা এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে বিগত বৰ্ষত ২৫ শতাংশৰো কাম নকৰাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে ।