অসম

assam

ETV Bharat / state

গোলাঘাটত শ্ৰীমন্ত শংকৰদেৱ যুৱ আৰু সামাজিক উন্নয়ন সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলন - GOLAGHAT INTERNATIONAL CONFERENCE

দেশৰ ১২ খন ৰাজ্য আৰু ৯ খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে গোলাঘাটত শ্ৰীমন্ত শংকৰদেৱ যুৱ আৰু সামাজিক উন্নয়ন সম্পৰ্কীয় আন্তৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ ।

Golaghat International Conference
গোলাঘাটত শ্ৰীমন্ত শংকৰদেৱ যুৱ আৰু সামাজিক উন্নয়ন সম্পৰ্কীয় আন্তৰাষ্ট্ৰীয় সন্মিলন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 6, 2024, 7:40 PM IST

গোলাঘাট :১০ খন দেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে গোলাঘাটত শ্ৰীমন্ত শংকৰদেৱ যুৱ আৰু সামাজিক উন্নয়ন সম্পৰ্কীয় আন্তৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ । গোলাঘাট জিলা পুথিভঁৰালত উদুলি-মুদুলি পৰিৱেশ । সামাজিক উন্নয়ন ফ’ৰাম, অসমৰ উদ্যোগত আৰু সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়, দেৱৰাজ ৰয় মহাবিদ্যালয়, সৰুপথাৰ মহাবিদ্যালয় আৰু মৰিগাঁও মহাবিদ্যালয়ৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ যুৱ আৰু সামাজিক উন্নয়ন বিষয় সম্পৰ্কত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাৰতৰ ৰাজ্যসমূহৰ লগতে বাংলাদেশ, নেপাল, ছুডান, ইথিউপিয়া, তাঞ্জানিয়া, ঘানা, ভিয়েটনাম, জাৰ্মানী, দক্ষিণ আফ্ৰিকা আদিৰ বিশিষ্ট প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে ।

শুকুৰবাৰে পুৱা শুভ উদ্বোধনী অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী মানস বৰদলৈয়ে । আদৰণী ভাষণ প্ৰদান কৰে সামাজিক উন্নয়ন ফ'ৰাম, অসমৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰাই । আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনি শুভ উদ্বোধন কৰে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ উপদেষ্টা ডঃ দেৱব্ৰত দাসে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বীৰাংগণা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়, গোলাঘাটৰ উপাচাৰ্য ড৹ জি ছিংগাইয়াই । নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদ, লেখক, গৱেষক ড৹ সঞ্জীৱ কুমাৰ বৰকাকতি ।

গোলাঘাটত শ্ৰীমন্ত শংকৰদেৱ যুৱ আৰু সামাজিক উন্নয়ন সম্পৰ্কীয় আন্তৰাষ্ট্ৰীয় সন্মিলন (ETV Bharat Assam)

নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰবন্ধক ড৹ কাজল শইকীয়া, সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ প্ৰাপ্তি ঠাকুৰ, মৰঙী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ মৰমী মহন্ত আদিয়ে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, কৰ্মৰাজি প্ৰচাৰ-প্ৰসাৰৰ লগতে এগৰাকী সমাজ সংস্কাৰক হিচাপে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মহৎ লক্ষ্যৰে আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনি আয়োজন কৰা হৈছে । লগতে হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্য আগত ৰাখি এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনখন আয়োজন কৰা হৈছে ।

এই আন্তৰাষ্ট্ৰীয় সন্মিলন সম্পৰ্কে সামাজিক উন্নয়ন ফ'ৰাম, অসমৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰাই কয়, "সামাজিক উন্নয়ন ফ'ৰাম, অসমৰ উদ্যোগত আৰু সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়, দেৱৰাজ ৰয় মহাবিদ্যালয়, সৰুপথাৰ মহাবিদ্যালয়, মৰিগাঁও মহাবিদ্যালয় আৰু মৰঙী মহাবিদ্যালয়ৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় সন্মিলন গোলাঘাট নগৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজিৰে পৰা অনুষ্ঠিত কৰা হৈছে । এই সন্মিলনত ৯ খন ৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিনিধিৰ লগতে ভাৰতৰ ১৫ খন ৰাজ্যৰ প্ৰতিনিধি উপস্থিত আছে । আজি বহুতো গৱেষকে বিভিন্ন দিশৰ গৱেষণাৰ বিষয়ে ভাষণ প্ৰদান কৰে । ইয়াৰ উপৰি জলবায়ু পৰিৱৰ্তন আৰু হাতী-মানুহৰ সংঘাতৰ ওপৰতো বিস্তাৰিতভাৱে আলোচনা কৰা হ'ব ।"

লগতে পঢ়ক :এখন ঘৰতে দুই এ চি এছ: ভাতৃ-ভগ্নীৰ সফলতাত নগাঁৱত আনন্দৰ লহৰ
লগতে পঢ়ক :মিছন বসুন্ধৰা ৩.০ লৈ সঁহাৰি নাই ৰাইজৰ: এতিয়ালৈকে মাত্র প‍াঁচ সহস্ৰাধিক আবেদন

ABOUT THE AUTHOR

...view details