নগাঁও,২৭ জুলাই:লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা ঢেকীয়াপতীয়া বাঘে সৃষ্টি কৰা আতংকত নগাঁৱৰ ধিংবাসী ত্ৰস্তমান হৈ থকাৰ সময়তে সমগ্ৰ ধিং অঞ্চলত এইবাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে স্প্ৰে গেঙে । বুধবাৰে নিশা ধিঙৰ শ'লগুৰি বামগাঁৱৰ এগৰাকী মহিলাক চেতনানাশক দ্ৰব্যৰে অচেতন কৰি ঘৰৰ পৰা লুটপাত কৰাৰ উপৰিও মহিলাগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ ধিং চহৰতো স্প্ৰে গেঙৰ আতংক বিৰাজ কৰাৰ অভিযোগ উত্থাপন হৈছে ।
সাত জনীয়া স্প্ৰে গেঙৰ দলৰ পলায়ন:
এইবাৰ ধিং চহৰৰ মাজমজিয়াত সংঘটিত হৈছে এই স্প্ৰে গেঙৰ লুটপাতৰ ঘটনা । নিশা এটা ভাৰাতীয়া পৰিয়ালৰ ঘৰত স্প্ৰে গেঙৰ সদস্য প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোতেই পৰিয়ালটোৰ লোকে গম পাই চিঞৰ বাখৰ আৰম্ভ কৰে । লগে লগে দলটোৰ সদস্যসকল পলায়ন কৰা বুলি দাবী কৰে স্থানীয় লোকে । প্ৰত্যক্ষদৰ্শীয়ে সাতজনীয়া এটা দলক পলায়ন কৰা প্ৰত্যক্ষ কৰে বুলিও উল্লেখ কৰে । লগে লগে ঘটনাস্থলীত ধিং আৰক্ষীৰ এটা দল উপস্থিত হয় যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ।
নিৰাপত্তা বিচাৰি মহিলাৰ প্ৰতিবাদ:
ইপিনে, বিগত কেইদিন ধৰি নগাঁৱৰ ধিং অঞ্চলত স্প্ৰে গেঙে সৃষ্টি কৰা সন্ত্ৰাসৰ বিৰুদ্ধে শনিবাৰে ধিং আৰক্ষী থানাত প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় মহিলাই । স্প্ৰে গেঙৰ পৰা জীৱন, সম্পত্তিৰ নিৰাপত্তা বিচাৰি আৰক্ষী থানাত উপস্থিত হয় ধিং অঞ্চলৰ মহিলাসকল । স্প্ৰে গেঙৰ বাবে স্থানীয় জীয়াৰী-বোৱাৰী কোনো সুৰক্ষিত নহয় বুলি দাবী কৰি স্থানীয় আৰক্ষীৰ বিৰুদ্ধেও ক্ষোভ উজাৰে স্থানীয় মহিলাসকলে । জীয়াৰী-বোৱাৰীৰ ওপৰতো স্প্ৰে গেঙৰ চকু পৰা বুলি দাবী কৰি সম্প্ৰতি জীৱনৰ শংকাত ভোগা বুলিও উল্লেখ কৰে স্থানীয় মহিলাসকলে ।
নিজাববীয়াকৈ পহৰাৰ ব্যৱস্থা: