আমগুৰি, 12 মে’ :কিমান তললৈ গ’লে এজন মানুহ দানৱলৈ পৰিৱৰ্তিত হ’ব পাৰে ? বৰ্তমান সময়ত আমাৰ সমাজখনত এনে কিছু ঘটনা সংঘটিত হৈ আহিছে যিসমূহ ঘটনাই আমাক পদে পদে ভাবিবলৈ বাধ্য কৰিছে যে, আমাৰ সমাজখন কোন দিশে গতি কৰিছে ! এইবাৰ শিৱসাগৰ জিলাৰ আমগুৰিত এনে এক ঘটনা সংঘটিত হৈছে যি ঘটনা শুনিলে আপোনাৰো গাৰ নোম শিঁয়ৰি উঠিব ৷ এগৰাকী পুত্ৰই জীৱন্তে নিজ ঘৰৰ চোতালত জ্বলাই দিলে জন্মদাত্ৰী মাতৃক ৷
নিশা এঘৰ লোকৰ চোতালত দপদপাই জ্বলি আছিল এটা শৰীৰ ৷ জুইকুৰাৰৰ ওচৰতে হাতত এডাল লাঠি লৈ মাতৃৰ শৰীৰটো জ্বলাই আছিল পুত্ৰই ৷ চুবুৰীয়াৰ প্ৰশ্নত পুত্ৰই অকপটে উত্তৰ দিছিল, "মই মোৰ মাক জ্বলাই দিলো ৷" মুখত ফুটি উঠা নাছিল কোনো ধৰণৰ অনুশোচনা, না কোনো অনুতাপ ৷ পুত্ৰৰ উত্তৰ শুনি হতবাক হৈছিল চুবুৰীয়া ৷
আমগুৰিৰ ৰজাবাম ডিব্ৰুৱালত শনিবাৰে নিশা সংঘটিত হৈছে এই নৃশংস কাণ্ড । মানস গগৈ নামৰ পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে বীণা গগৈ ওৰফে মেলেঙণি নামৰ মাতৃগৰাকীয়ে । 60 বছৰীয়া বৃদ্ধাগৰাকীক মানসে চোতালতে খৰি জাপি নিজ হাতেৰে জ্বলাই দিয়ে ৷
লগে লগে চুবুৰীয়াৰ লোকে স্থানীয় আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ খবৰ পোৱাৰ মাত্ৰাকে আমগুৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাই মহিলাগৰাকীৰ আধাজ্বলা শৰীৰৰটো উদ্ধাৰ কৰাৰ লগতে পুত্ৰ মানসকো আটক কৰিছে ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, দীৰ্ঘদিন ধৰি মানসে বৃদ্ধা মাতৃগৰাকীক শাৰীৰিকভাৱে অত্যাচাৰ চলাই আহিছিল ।