গুৱাহাটী, ১০ মে':শুকুৰবাৰে অনুষ্ঠিত হয় কমনৱেলথ সংসদীয় সংস্থাৰ উত্তৰ-পূৰ্বাঞ্চলৰ তৃতীয় সংমণ্ডলৰ কাৰ্যনিৰ্বাহক সভা । দিনজোৰা কাৰ্যসূচীৰে অসম বিধানসভাৰ সভাগৃহত অনুষ্ঠিত হয় এই সভাখনি । কমনৱেলথ সংসদীয় সংস্থাৰ উত্তৰ-পূৰ্বাঞ্চলৰ তৃতীয় সংমণ্ডলৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে উত্তৰ-পূৱৰ ৮ খন ৰাজ্যৰ আঠখন বিধানসভাৰ অধ্যক্ষ-উপাধ্যক্ষসকলে ।
এই কাৰ্যনিৰ্বাহক সভাত অধ্যক্ষতা কৰে কমনৱেলথ সংসদীয় সংস্থাৰ উত্তৰ-পূৰ্বাঞ্চল সংমণ্ডলৰ তৃতীয় সংমণ্ডলৰ অধ্যক্ষ পাছাং ডি সোনাই । সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাৰ অন্তত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, এই কাৰ্যনিৰ্বাহক সভাত উত্তৰ-পূৰ্বাঞ্চলৰ ৮ বিধানসভাৰ অধ্যক্ষ-উপাধ্যক্ষৰ লগতে সচিব আৰু আয়ুক্ত সচিবসকলেও অংশগ্ৰহণ কৰে ।
দৈমাৰীয়ে কয় যে, কমনৱেলথ সংসদীয় সংস্থাৰ উত্তৰ-পূৰ্বাঞ্চলৰ তৃতীয় সংমণ্ডলৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয় নাগালেণ্ডৰ ছাৰিংগেইন লংকুমাৰক । নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে লংকুমাৰে ।