তেজপুৰ, 19 ফেব্ৰুৱাৰী : উত্তৰ পূৰ্বাঞ্চলৰ ভাৰত-চীন, ভাৰত-তিব্বত সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ টাৱাং জিলা সংলগ্ন হোৱাকৈ 13,000 ফুট উচ্চতাৰ চেলা পাছৰ সুৰংগ (Sela Pass Tunnel) নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে ৷ অতি উচ্চতাৰ দ্বি-লেনযুক্ত এই সুৰংগ মুকলি হ’লে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভূক্ত হ’ব ৷ কাৰণ এই উচ্চতাত বৰ্তমানলৈকে কোনো সুৰংগ নিৰ্মাণ হোৱা নাই ৷
বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ প্ৰজেক্ট ভৰ্টকৰ মুখ্য অভিযন্তা ব্ৰিগেডিয়াৰ ৰমন কুমাৰে ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জনায় যে সুৰংগত কিছু নতুন বৈশিষ্ট্য আছে ৷ সুৰংগৰ দুয়ো দিশৰ প্ৰৱেশদ্বাৰত থাকিব ভগৱান বুদ্ধৰ প্ৰতিমূৰ্তি ৷ লগতে ভিতৰচ’ৰাত সুৰংগৰ চাৰিওফালে অংকন কৰা হৈছে অৰুণাচল প্ৰদেশৰ বিভিন্ন জনজাতীয় লোকসকলৰ পৰম্পৰা, লোক সংস্কৃতিৰ দৃশ্য ৷ যি দৃশ্য গাড়ীৰে পাৰ হওঁতে উপভোগ কৰিব পাৰিব পৰ্যটক সকলে ৷
তেওঁ কয় যে এই পেইণ্টিং সমূহৰ অংকন ইতিমধ্যে আৰম্ভ কৰা হৈছে, কেইদিনমানৰ ভিতৰতে ই সম্পূৰ্ণ হৈ উঠিব ৷ বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ প্ৰজেক্ট ভৰ্টকৰ অধীনত এই সুৰংগ নিৰ্বাচনৰ পূৰ্বে অর্থাৎ চলিত ফেব্ৰুৱাৰী মাহতে দেশৰ বাবে উৎসৰ্গিত কৰাৰ সম্ভাৱনা আছে ৷ বিগত সময়ছোৱাত প্ৰতিকূল বতৰ আৰু অত্যন্ত প্ৰত্যাহ্বানমূলক ভূখণ্ডৰ মাজত অত্যন্ত বৰষুণৰ বাবে পথৰ সংলগ্নকৈ ব্লেক টেপিং কৰাত কিছু পৰিমাণে বাধাৰ সৃষ্টি হৈছিল যদিও সেই কামো সম্পূৰ্ণ হৈ উঠিছে ৷ বৰ্তমান প্ৰচণ্ড তুষাৰপাতৰ মাজতে বহু প্ৰত্যাহ্বান নেওচি পশ্চিম অৰুণাচল প্ৰদেশৰ কামেং আৰু টাৱাঙৰ আন সকলো জটিল পথত ফৰৱাৰ্ড কানেক্টিভিটিৰ বাবে বি আৰ অ’ৰ (BRO) প্ৰচেষ্টা আৰু অগ্ৰগতিৰ ওপৰত সৰ্বোচ্চ পৰ্যায়ত নিৰ্মাণ হৈছে এই চেলা সুৰংগ ৷