তিনিচুকীয়া,১৩ ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ এখন চাহ বাগিচাত ওলমিল তলা । চৰকাৰী নীতি-নিৰ্দেশনাক অমান্য কৰাৰ ফলশ্ৰুতিতে পৌৰসভাই তলা ওলমাই বাগিচাখনত । পৌৰসভাই নিৰ্ধাৰিত কৰা কৰ আদায় দিয়াত হেমাহি কৰাৰ অভিযোগ বাগিচাখনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ।
জানিব পৰা মতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা নগৰস্থিত চেগুনবাৰী চাহ বাগিচাৰ বিৰূদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে । শেষতীয়াকৈ ডিব্ৰুগড়ৰ নিবাসী গৌতম বেড়ীয়া মালিকাধীন চাহ বাগিচাখনৰ বিৰূদ্ধে উত্থাপন হৈছে চৰকাৰী নীতি-নিদেৰ্শনাক ভেঙুচালি কৰি সম্পতি কৰ আদায় নিদিয়াৰ গুৰুতৰ অভিযোগ ।
মাৰ্ঘেৰিটা পৌৰসভাই জনোৱা অনুসৰি ২০১৮ চনৰ পৰা সম্পত্তিৰ কৰ কাৰ্যকৰী কৰিছিল পৌৰসভাই । সেই মৰ্মে সম্পত্তিৰ কৰ আদায় দিবলৈ পৌৰসভাখনে চেগুনবাৰী চাহ বাগিচালৈ প্ৰেৰণ কৰিছিল জাননী পত্ৰ । কিন্তু বাগিচাখনৰ গৰাকী গৌতম বেড়ীয়াই পৌৰসভাৰ জাননীক ভেঙুচালি কৰি কোনো ধৰণৰ কৰ আদায় দিয়াৰ পৰা বিৰত আছিল ।