অসম

assam

ETV Bharat / state

প্ৰথিতযশা শিল্পী-চিত্ৰ নিৰ্মাতা পুলক গগৈৰ জীৱনৰ আধাৰত তথ্যচিত্ৰ - FILMMAKER LATE PULAK GOGOI

প্ৰথিতযশা শিল্পী, চিত্ৰ নিৰ্মাতা পুলক গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । শিল্পীগৰাকীৰ জীৱন আৰু কৃতিৰ আধাৰত নিৰ্মাণ তথ্যচিত্ৰ ।

Screening of documentary based on the life and works of Pulak Gogoi
পুলক গগৈৰ জীৱন আৰু কৃতিৰ আধাৰত তথ্যচিত্ৰ প্ৰদৰ্শন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 10:06 PM IST

গুৱাহাটী: স্বনামধন্য শিল্পী তথা প্ৰসিদ্ধ চিত্ৰ নিৰ্মাতা প্ৰয়াত পুলক গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে পুলক গগৈ কালছাৰেল ট্ৰাষ্টৰ উদ্যোগত আৰু জ্যোতি চিত্ৰবন (ফিল্ম ষ্টুডিঅ') ছ'চাইটিৰ সহযোগত জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত মঙলবাৰে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় ।

এই অনুষ্ঠানত অসমৰ খ্যাতিমান কাৰ্টুনিষ্ট, চিত্ৰকৰ তথা বিভিন্ন বঁটা-সন্মানেৰে বিভূষিত চিনেমা পৰিচালক পুলক গগৈৰ চিত্ৰকৰ তথা চিনেমা নিৰ্মাতা হিচাপে যি এক বৰ্ণিল আৰু বিস্তৃত জীৱন,তাৰ আধাৰত 'কেনভাছ অন ৰীলছ' শীৰ্ষক এখনি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় ।

প্ৰথিতযশা শিল্পী-চিত্ৰ নিৰ্মাতা পুলক গগৈৰ জীৱনৰ আধাৰত তথ্যচিত্ৰ (ETV Bharat Assam)

পুলক গগৈৰ সুপুত্ৰ, ছবি পৰিচালক ৰূপক গগৈৰ পৰিচালনাৰে নিৰ্মিত তথ্যচিত্ৰখনৰ প্ৰযোজনা কৰিছে জ্যোতি চিত্ৰবন(ফিল্ম ষ্টুডিঅ') ছ'চাইটিয়ে । তথ্যচিত্ৰখনৰ কথাংশ ৰচনা উপাসনা মহন্ত গগৈৰ । সম্পাদনা ৰূপাংকৰ দাসৰ আৰু সংগীত সৌৰভ মহন্তৰ । চিনেমাটোগ্ৰাফী পাপু ডেকাৰ । উল্লেখযোগ্য যে, স্বনামধন্য শিল্পী তথা প্ৰসিদ্ধ চিত্ৰ নিৰ্মাতা প্ৰয়াত পুলক গগৈয়ে উচ্চশিক্ষা সমাপ্ত কৰি অসম চৰকাৰৰ জনসংযোগ বিভাগত চাকৰি কৰিছিল যদিও কেইমাহমানৰ পাছতে সেই চাকৰি ত্যাগ কৰি কাৰ্টুনিষ্ট সাংবাদিকৰ জীৱন গ্ৰহণ কৰিছিল গগৈয়ে ।

'অসমবাণী' কাকতত কাৰ্টুনিষ্ট হিচাপে কৰ্মজীৱন আৰম্ভ কৰা গগৈয়ে পৰৱৰ্তী সময়ত 'দৈনিক অসম' কাকতৰো কাৰ্টুনিষ্ট হিচাপে সেৱা আগবঢ়ায় । আনহাতে ১৯৭৫ চনত 'খোজ' ছবিখনেৰে অসমীয়া ছবিজগতত এগৰাকী পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা পুলক গগৈয়ে তেওঁৰ জীৱনকালত সৰ্বমুঠ ৯ খন অসমীয়া ছবি পৰিচালনা কৰাৰ উপৰিও ৬ খনকৈ ছবি প্ৰযোজনাও কৰিছিল ।

গগৈয়ে পৰিচালনা কৰা ছবিকেইখন হৈছে 'খোজ', 'শ্ৰীমতী মহিমাময়ী', 'সাদৰী', 'সেন্দুৰ', 'ৰে’লৰ আলিৰ দুবৰি বন', 'সুৰুয', 'মৰম নদীৰ গাভৰু ঘাট', 'পত্নী' আৰু 'মমতাজ' । 'ৰে’লৰ আলিৰ দুবৰি বন' নামৰ ছবিখনৰ বাবে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল এইগৰাকী বিশিষ্ট শিল্পীয়ে ।

লগতে পঢ়ক:Film fraternity reaction on Pulok Gogoi death: অভিভাৱকক হেৰুৱাই ম্ৰিয়মান অসমৰ সাংস্কৃতিক ক্ষেত্ৰ

Condolence to Pulak Gogoi: পুলক গগৈলৈ মুখ্যমন্ত্ৰী আৰু সৰ্বানন্দ সোণোৱালৰ শ্ৰদ্ধাঞ্জলি

Guwahati book release: পুলক গগৈলৈ শ্ৰদ্ধাঞ্জলি: কবি শ্যামল কুমাৰ ভটাচাৰ্যৰ কাব্য সংকলন ‘যুগলবন্দী’ উন্মোচন

ABOUT THE AUTHOR

...view details