হাফলং, ২৯ এপ্ৰিল :১৯৫২ ৰ ২৯ এপ্ৰিলত গঠিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদে আজি ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে । আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদে বিভিন্ন কাৰ্যসূচীৰে হাফলং পুথিভঁৰাল প্ৰেক্ষাগৃহত এই প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিমা হাছাও জিলাত ১০০ শতাংশ উত্তীৰ্ণ ১০ খন চৰকাৰী বিদ্যালয়ক সন্মান জনোৱা হয় ।
উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই কয় ," আজিৰ দিনত আমি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তিমূলক আঁচনি আৰম্ভ কৰিছো । " তেওঁ কয়," ডিমা হাছাও জিলাত এইবাৰ যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰী-ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেওঁলোকক ২০ হাজাৰ টকা, দ্বিতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ১৫ হাজাৰ আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ১০ হাজাৰ টকাৰ বৃত্তি দিয়া হ'ব । কিন্তু এই আঁচনিৰ বাবে ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে স্থানীয় পৰিষদৰ পৰা প্ৰমানপত্ৰ লৈ আহিব লাগিব । "