ডিব্ৰুগড়, ১৭ মে':ৰাজ্যত চলি থকা বিহু সন্মিলনসমূহত এজনৰ পাছত আন এজন শিল্পী সোমাই পৰিছে বিতৰ্কত । ব'হাগী সন্মিলনৰ আয়োজক কমিটী আৰু শিল্পীৰ মাজত চলিছে কি ? এফালে যদি শিল্পীয়ে কমিটীৰ ওপৰত অভিযোগ কৰে আনফালে কমিটীয়ে আকৌ শিল্পীৰ ওপৰত অভিযোগ কৰে । এইবাৰ বিহু মঞ্চত বহু কেইজন জ্যেষ্ঠ কণ্ঠশিল্পী অপমানিত হ'বলগা হৈছে ।
শেহতীয়াকৈ নতুন প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী শিল্পী সান্নিধ্য ভূঞাক বিহু মঞ্চত বিহু সমিতিৰে অপদস্থ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । শিল্পী সান্নিধ্য ভূঞাৰ অভিযোগৰ পাছতে বৰপেটাৰোডৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ বিষয়ববীয়াসকলে সংবাদমেল অনুষ্ঠিত কৰি সমগ্ৰ অভিযোগ অস্বীকাৰ কৰিছিল ।
যোৱা ১২ মে’ৰ নিশা দহ বজাত বৰপেটাৰোডৰ বিহু মঞ্চত গীত পৰিৱেশনৰ বাবে শিল্পীগৰাকীৰ সৈতে চুক্তি হৈছিল যদিও কিন্তু শিল্পী সানিধ্য ভূঞাই সেইদিনা নিশা ১০ বাজি ৪৫ মিনিটতহে বৰপেটাৰোডত আহি উপস্থিত হৈছিল বুলি জনাই উদ্যোক্তাসকলে ৷