গুৱাহাটী, 6 এপ্ৰিল : বিশিষ্ট সাহিত্যিক ড৹ প্ৰণৱজ্যোতি ডেকা আৰু নাই ৷ শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত বিশিষ্ট সাহিত্যিকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 85 বছৰ ৷ মৃত্যুৰ সময়ত পত্নী, এগৰাকী পুত্ৰ আৰু এগৰাকী কন্যাক এৰি যায় তেওঁ ৷
যোৱা কিছু ধৰি অসুস্থ হৈ আছিল বিশিষ্ট সাহিত্যিকগৰাকী ৷ যাৰ বাবে পৰিয়ালৰ লোকে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰিছিল ৷ শুকুৰবাৰে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু আজি তেওঁ ইহলীলা সম্বৰণ কৰে ৷ তেওঁৰ মৃত্যুত সমগ্ৰ অসমতে গভীৰ শোকৰ ছাঁ পৰিছে ৷ মৃত্যুৰ পিচত তেওঁৰ নশ্বৰ দেহ পোনে পোনে গুৱাহাটীৰ শিলপুখুৰীৰ কন্বাচলত থকা বাসভৱনলৈ অনা হয় ৷ তেওঁৰ শেষকৃত্য নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব বুলি বাতৰি লিখাৰ পৰলৈকে পৰিয়ালৰ লোকে জানিবলৈ দিছে ৷
উল্লেখ্য যে, 1939 চনৰ 21 জুলাইত কলিকতাত ড৹ প্ৰণৱজ্যোতি ডেকাৰ জন্ম হৈছিল ৷ স্কুলীয়া আৰু কলেজীয়া শিক্ষা তেওঁ কলিকতা, শ্বিলং আৰু গুৱাহাটীত গ্ৰহণ কৰিছিল ৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ভূ-তত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল তেওঁ ৷ পৰৱৰ্তী সময়ত তেওঁ পূৰ্বৰ অবিভক্ত ছোভিয়েট ৰাছিয়াৰ লেনীনগ্ৰেড খনি বিদ্যালয়ৰ পৰা অৰ্থনৈতিক ভূ-তত্ব বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ৷ ড৹ প্ৰণৱজ্যোতি ডেকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে ৷