অসম

assam

ETV Bharat / state

অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা, জুবিনৰ মন্তব্যত প্ৰতিক্ৰিয়া বিধায়ক ৰূপক শৰ্মাৰ - Rupak Sarma on Zubeen Garg

Classical language Assamese : অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা সন্দৰ্ভত জুবিন গাৰ্গৰ বিতৰ্কিত মন্তব্য়ৰ পিছতেই প্ৰতিক্ৰিয়া ।

Classical Language Assamese
বিধায়ক ৰূপক শৰ্মাৰ সংবাদমেল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 5, 2024, 9:33 PM IST

নগাঁও, ৫ অক্টোবৰ:কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰাৰ পাছতেই স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া । কিন্তু ইয়াৰ মাজতে শুক্ৰবাৰে অসমীয়া ভাষাক ধ্ৰুপদী স্বীকৃতিক লৈ বিতৰ্কিত মন্তব্য কৰে জুবিন গাৰ্গে । শনিবাৰে শিল্পী জুবিন গাৰ্গৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক ৰূপক শৰ্মাই।

এয়া জুবিন গাৰ্গৰ সম্পূৰ্ণ ব্যক্তিগত মন্তব্য

এই প্ৰসংগত বিধায়কগৰাকীয়ে কয়," অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা প্ৰদানক লৈ শিল্পী জুবিন গাৰ্গে কৰা মন্তব্য সম্পূৰ্ণ তেওঁৰ ব্যক্তিগত মন্তব্য । জুবিন গাৰ্গৰ মন্তব্য অসমৰ ৰাইজৰ মন্তব্য নহয় ।"

বিধায়ক ৰূপক শৰ্মাৰ সংবাদমেল (ETV Bharat Assam)

শনিবাৰে নগাঁও জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰি নগাঁও জিলা বিজেপি তথা নগাঁওবাসীৰ হৈ অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক ৰূপক শৰ্মাই। লগতে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত অসমীয়া ভাষাই কিদৰে প্ৰযুক্তিৰ সৈতে আগুৱাই যোৱাত সহায়ক হ'ব তাৰো বিশ্লেষণ কৰিলে বিধায়কগৰাকীয়ে ।

শংকা এতিয়াৰ পৰা নোহোৱা হ'ব

বিধায়ক ৰূপক শৰ্মাই পুনৰ কয়,"বিশেষকৈ অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ বহু সময়ত বিভিন্নজনে শংকা প্ৰকাশ কৰি আহিছে যদিও অৱশেষত কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰাত সেই শংকা এতিয়াৰ পৰা নোহোৱা হ'ব ।"

শনিবাৰে নগাঁও জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত অসম চৰকাৰ তথা বিজেপি চৰকাৰক কৃতজ্ঞতা জ্ঞাপনৰ উদ্দ্যেশ্যে আয়োজন কৰা সংবাদমেলত বিধায়ক শৰ্মাৰ লগতে নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ আৰু নগাঁও পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰাও উপস্থিত থাকে ।

লগতে পঢ়ক:অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ শংকা নাথাকিব : অৰিন্দম বৰকটকী - Classical Language Assamese

ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাটো শুভ লক্ষণ কিন্তু... কিয় এনেকৈ ক'লে ময়ুৰ বৰাই ? - Classical Status to Assamese

ABOUT THE AUTHOR

...view details