অসম

assam

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 6:58 PM IST

ETV Bharat / state

প্ৰৱলৰ পৰা অতি প্ৰৱল বৰষুণৰ সম্ভাৱনা : আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী - Assam Weather Forecast

Assam Weather : সাৱধান ! বুধবাৰে অসমৰ 7 খন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ৰেড এলাৰ্ট জাৰি কৰা অঞ্চলত বিজুলী-ঢেৰেকনিৰে প্ৰৱলৰ পৰা অতি প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা আছে ৷

ASSAM WEATHER FORECAST
প্ৰচুৰ বৰষুণৰ আগজাননী (REPRESENTATIONAL IMAGE)

গুৱাহাটী/মিৰ্জা : ১৯ জুন : বিগত কেবাটাও দিনে নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কিছু কিছু ঠাই বানৰ কবলত পৰাৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত সৃষ্টি হৈছে কৃত্ৰিম বানৰ ৷ ইয়াৰ মাজতে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ সতৰ্কবাণী জাৰি কৰিছে ৷ আগন্তুক পাঁচ দিনত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰচুৰ বৰষুণৰ আগজাননী প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী (ETV BHARAT ASSAM)

বাংলাদেশ হৈ উত্তৰ-পূৰ্বাঞ্চললৈ 0.9 কিলোমিটাৰ বেগত সামুদ্ৰিক বতাহ বলি থকাৰ লগতে উত্তৰ-পূব অসম আৰু দাঁতিকাষৰীয়া অঞ্চলৰ সমুদ্ৰ গড় পৃষ্ঠৰ 1.5 কিলোমিটাৰৰ ওপৰত ঘূৰ্ণী বতাহৰ প্ৰভাৱ অব্যাহত থকাৰ বাবে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰে অসমৰ 7 খন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে ৷ আঞ্চলিক বতৰ বিজ্ঞান অসমৰ ক্ৰমে কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, বাক্সা, চিৰাং, বৰপেটা, গোৱালপাৰা জিলাত কেন্দ্ৰই ৰেড এলাৰ্ট জাৰি কৰিছে ৷ 25 জুনলৈ অসমৰ প্ৰায়বোৰ অঞ্চলতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ প্ৰৱল সম্ভাৱনা আছে ৷ ৰেড এলাৰ্ট জাৰি কৰা অঞ্চলত বিজুলী-ঢেৰেকনিৰে প্ৰৱলৰ পৰা অতি প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা আছে ৷

7 খন জিলাত ৰেড এলাৰ্ট জাৰি (RMC Guwahati)

লগতে পঢ়ক :আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী : 24 জুনলৈকে ৰেহাই নাই - Red Alert in Assam

ইফালে উত্তৰ-পূব অসম আৰু দাঁতিকাষৰীয়া অঞ্চলৰ সমুদ্ৰ গড় পৃষ্ঠৰ 1.5 কিলোমিটাৰৰ ওপৰত ঘূৰ্ণিবতাহৰ প্ৰভাৱত আগন্তুক 25 জুনলৈকে অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাৰ প্ৰায়বোৰ অঞ্চলতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব‌ বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানীয়ে জানিবলৈ দিছে ৷ আনহাতে গুৱাহাটী চহৰত মঙলবাৰে 48.2 মিলিমিটাৰত আৰু আজি 27.8 মিলিমিটাৰত বৰষুণৰ ৰেকৰ্ড কৰা হৈছে ৷ গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে আগন্তুক 25 জুনলৈ গুৱাহাটীত বৰষুণ অব্যাহত থাকিব ৷

লগতে পঢ়ক :ফেনে-ফোটোকাৰে আহিছে বান, ৰাজ্যত দ্বিতীয়টো বানত প্লাৱিত 15 খন জিলাৰ 1.61 লাখ লোক - Assam Flood 2024

ABOUT THE AUTHOR

...view details