গুৱাহাটী, 20 জুলাই : প্ৰথমটো পৰ্যায়ত বিফল হোৱাৰ পাচত ৰাজ্য চৰকাৰে দ্বিতীয় পৰ্যায়ত ধান ক্ৰয়ৰ লক্ষ্য পুনৰ হ্ৰাস কৰিলে । পূৰ্বৰ ছটা চৰকাৰী সংস্থাৰ বিপৰীতে চলিত বৰ্ষৰ প্ৰথম পৰ্যায়ত চাৰিটা সংস্থাক চাৰে ছয় লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য দিয়া হৈছিল । ইয়াৰ পূৰ্বে লক্ষ্য আছিল 10 লাখ মেট্ৰিক টন । কিন্তু সেয়া প্ৰথম পৰ্যায়ত চাৰে ছয় লাখ মেট্ৰিক টনলৈ হ্ৰাস কৰা হৈছিল । তথাপিও লক্ষ্যত উপনীত হ'ব নোৱাৰিলে ।
2023-24 বৰ্ষৰ প্ৰথম পৰ্যায়ত লক্ষ্যৰ 48 শতাংশ ধান ক্ৰয় কৰা হ'ব । প্ৰথম পৰ্যায়ৰ সমাপ্তিৰ পাচত ধান ক্ৰয়ৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে । জুলাই মাহৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ ধান ক্ৰয়ৰ প্ৰক্ৰিয়া 31 অক্টোবৰলৈ চলিব । প্ৰথম পৰ্যায়ৰ ব্যৰ্থতাৰ বাবে দ্বিতীয় পৰ্যায়ত ধান ক্ৰয়ৰ পৰিমাণ হ্ৰাস কৰা হৈছে ।
চলিত দ্বিতীয় পৰ্যায়ত 83900 মেট্ৰিক টন ধান ক্ৰয়ৰ টাৰ্গেট :
সফলতাৰ বিপৰীতে ব্যৰ্থতাৰে অসম চৰকাৰে 2023-24 বৰ্ষৰ দ্বিতীয়টো পৰ্যায়ৰ ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে । বৰো ধানৰ খেতিক লক্ষ্য কৰি জুলাইৰ পৰা আৰম্ভ হোৱা এই ক্ৰয় প্রক্রিয়া অহা 31 অক্টোবৰলৈ চলিব । বিগত বৰ্ষবোৰৰ দৰে প্ৰথম পৰ্যায়ত লক্ষ্য নির্ধাৰিত পৰিমাণৰ আধা ধানো ক্ৰয় কৰিবলৈ সক্ষম নহ'ল চাৰিটা সংস্থা ।
ন্যূনতম সমৰ্থিত মূল্যবৃদ্ধি কৰি আৰু ক্ৰয় কৰিবলগীয়া ধানৰ পৰিমাণ হ্ৰাস কৰিও প্ৰথম পৰ্যায়ত মাত্র 48 শতাংশ ধানহে ক্ৰয় কৰিবলৈ সক্ষম হয় । এনে ব্যৰ্থতাৰ বাবেই পুনৰ লক্ষ্য হ্ৰাস কৰি দ্বিতীয় পৰ্যায়ৰ ধান ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । সেই অনুসৰি এইবাৰ ক্ৰয় কৰিবলগীয়া ধানৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছে 83900 মেট্রিক টন ।
2022-23 বৰ্ষত দ্বিতীয় পৰ্যায়ত ক্রয় কৰিবলগীয়া ধানৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছিল 136500 মেট্রিক টন । ইয়াৰ বিপৰীতে ক্ৰয় কৰিছিল মাত্র 5280.50 মেট্ৰিক টন ধান । যাৰ বাবে এইবাৰ 2023-24 বৰ্ষৰ দ্বিতীয় পৰ্যায়ত নিৰ্ধাৰিত ক্ৰয় পৰিমাণ এক লাখ মেট্রিক টন কৰিবলৈয়ো সাহস নকৰিলে চৰকাৰে ।
পূৰ্বৰ তুলনাত এইবাৰ 52600 মেট্ৰিক টন হ্ৰাস কৰা হ'ল । এইবাৰ টাৰ্গেট হৈছে 83900 মেট্ৰিক টন । প্ৰথম পৰ্যায়ৰ দৰে দ্বিতীয় পৰ্যায়তো চাৰিটা সংস্থাকহে ধান ক্ৰয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছে । সেই অনুসৰি অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক (এ এফ চি এছ চি এল) 66600 মেট্ৰিক টন, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদক (এ এছ এ এম বি) 5000 মেট্ৰিক টন, ভাৰতীয় খাদ্য নিগমক (এফ চি আই) 4000 মেট্ৰিক টন আৰু নেছনেল এগ্রিকালচাৰেল কোঅপাৰেটিভ মার্কেটিং ফেডাৰেছন অৱ ইণ্ডিয়া লিমিটেডক (নাফেড) 8300 মেট্ৰিক টন ধান ক্ৰয়ৰ টাৰ্গেট দিয়া হৈছে ।
দ্বিতীয় পৰ্যায়ত এতিয়ালৈকে ক্ৰয় কৰা ধানৰ পৰিমাণ :
দ্বিতীয় পৰ্যায়ত 31 অক্টোবৰলৈ ধান ক্ৰয়ৰ নিৰ্ধাৰণ কৰা লক্ষ্য হৈছে 83900 মেট্ৰিক টন । আজিৰ তাৰিখলৈকে সংস্থা চাৰিটাই ক্ৰয় কৰা ধানৰ পৰিমাণ হৈছে 4493 মেট্ৰিক টন । উপকৃত হোৱা কৃষকৰ সংখ্যা হৈছে 491 গৰাকী । এতিয়ালৈকে অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে (এ এফ চি এছ চি এল) লক্ষ্যৰ 66600 মেট্ৰিক টনৰ বিপৰীতে ক্ৰয় কৰিছে 3830 মেট্ৰিন টন, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে (এ এছ এ এম বি) লক্ষ্যৰ 5000 মেট্ৰিক টনৰ বিপৰীতে 32 মেট্ৰিক টন, ভাৰতীয় খাদ্য নিগমে (এফ চি আই) লক্ষ্যৰ 4000 মেট্ৰিক টনৰ বিপৰীতে 112 মেট্ৰিক টন আৰু নেছনেল এগ্রিকালচাৰেল কোঅপাৰেটিভ মার্কেটিং ফেডাৰেছন অৱ ইণ্ডিয়া লিমিটেডে (নাফেড) লক্ষ্যৰ 8300 মেট্ৰিক টনৰ বিপৰীতে 515 মেট্ৰিক টন ধান । আনহাতে ধান ক্ৰয় কৰা কেন্দ্ৰৰ সংখ্যা হৈছে 39 টা ।
2022-23 ৰ দ্বিতীয় পৰ্যায়ৰ ধান ক্ৰয়ৰ ৰূপৰেখা :
বিগত বৰ্ষৰ দ্বিতীয় পৰ্যায়ত পাঁচটা সংস্থাক 136500 মেট্ৰিক টন ধান ক্ৰয়ৰ টাৰ্গেট দিয়া হৈছিল । ইয়াৰ বিপৰীতে দুটা সংস্থাই শূন্যত থাকি বাকী তিনিটা সংস্থাই ক্ৰয় কৰিলে মাত্র 5280.50 মেট্ৰিক টন । অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক (এ এফ চি এছ চি এল) 93000 মেট্ৰিক টন, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদক (এ এছ এ এম বি) 1500 মেট্ৰিক টন, ভাৰতীয় খাদ্য নিগমক (এফ চি আই) 22000 মেট্ৰিক টন, নেছনেল এগ্রিকালচাৰেল কোঅপাৰেটিভ মার্কেটিং ফেডাৰেছন অৱ ইণ্ডিয়া লিমিটেডক (নাফেড) 18000 মেট্ৰিক টন আৰু এন চি চি এফক 2000 মেট্ৰিক টন ধান ক্ৰয়ৰ টাৰ্গেট দিয়া হৈছিল ।