গুৱাহাটী:হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন । উজনিৰ পৰা নামনিলৈ ভোগালীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী । গাঁৱে-গাঁৱে মেজি, ভেলাঘৰ সাজিছে ডেকাসকলে । ডেকাসকলৰ সমান্তৰালকৈ আখলত পিঠা-পনা প্ৰস্তুত কৰাত ব্যস্ত যুৱতী-মহিলাসকল । কিন্তু গুৱাহাটী মহানগৰীত নাই তেনে পৰিবেশ । কংক্ৰিটৰ মহানগৰীত গাঁৱলীয়া পৰিবেশ নাই যদিও মহানগৰবাসীয়েও বিচাৰে মেজিৰ জুই, ভেলাঘৰত বহি ভোজ-ভাত খাবলৈ ।
মহানগৰীত বাঁহ, নৰা, খেৰ আদিৰ অভাৱ যদিও এতিয়া মেজিৰ জুইৰ উত্তাপ ল'ব পাৰিব গাঁৱৰ পৰা অনা মেজি আৰু ভেলাঘৰৰে । কিন্তু এয়া কেনেকৈ সম্ভৱ হৈছে ? আপুনিও ছাগে আচৰিত হৈছে ইমান মেজি কোনে সাজিলে ? ভেলাঘৰ সাজিবলৈ নৰা ক'ত পালে ?
মহানগৰীৰ বজাৰত পিঠা-পনাৰ পৰা আদি কৰি সান্দহ, চিৰা, দৈ, ক্ৰীমকে ধৰি ভোগালীত প্ৰয়োজনীয় সকলো সামগ্ৰীয়ে উপলব্ধ হৈছে প্ৰতিখন বজাৰত । কেৱল এয়াই নহয়, গুৱাহাটীৰ বজাৰত পাব ৰেডিমেড মেজি আৰু ভেলাঘৰ । গুৱাহাটীৰ লোকৰ বাবেও যেন এতিয়া সহজলভ্য হৈ পৰিছে মেজি আৰু ভেলাঘৰ । সৰু-বৰ বহু মেজি আৰু ভেলাঘৰৰ লগতে খৰি দেখিবলৈ পোৱা গৈছে বজাৰত । ২০০ টকাৰ পৰা আৰম্ভ কৰি ৭০০/৮০০ টকা পৰ্যন্ত মেজিসমূহৰ দাম ।