ডিব্ৰুগড় : উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা । প্ৰাকৃতিক গেছক কেঁচামাল হিচাপে লৈ সাৰ উদ্যোগ কৰি আহিছে নামৰূপ সাৰ কাৰখানাই । ১৯৬৯ চনৰ ১ জানুৱাৰীত নামৰূপ সাৰ কাৰখানাৰ উৎপাদন আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত নামৰূপ সাৰ কাৰখানাৰ তিনিটা গোট বা প্লাণ্ট প্ৰতিষ্ঠা হৈছিল । কিন্তু বিভিন্ন কাৰণত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাৰ ক্ৰমাৎ মৃত্যুমুখী যাত্ৰা আৰম্ভ হয় ।
সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাই তৃতীয় উৎপাদন গোটৰ জৰিয়তে খেতিয়কৰ চাহিদা পূৰণৰ বাবে সাৰ উৎপাদন কৰি অহিবলগা হৈছে । সেয়ে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটো জীয়াই ৰখাৰ স্বাৰ্থত বিভিন্ন দল-সংগঠন, সাৰ কাৰখানাৰ শ্ৰমিক ইউনিয়নে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন কৰি সাৰ কাৰখানাটো পুনৰুজ্জীৱিত কৰিবলৈ বহু বছৰৰ পৰা দাবী জনাই আহিছিল ।
আনহাতে, বিগত প্ৰতিখন চৰকাৰৰ দিনতে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ আশ্বাস প্ৰদান কৰা হৈছিল । কিন্তু সেয়া বাস্তৱ হৈ উঠা নাছিল । তাৰ মাজতে মৃত্যুৰ ক্ষণ গণি থকা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটোক পুনৰুজ্জীৱিত কৰাৰ বাবে ভাৰত চৰকাৰে আনুষ্ঠানিক ঘোষণা কৰাৰ পাছতে আনন্দিত হৈছে নামৰূপৰ ৰাইজৰ লগতে দীৰ্ঘদিন আন্দোলন কৰি অহা দল-সংগঠনসমূহ ।
নামৰূপ সাৰ কাৰখানাত নিৰ্মাণ হ'ব ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনক্ষম নতুন প্ৰকল্প
নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ দাবীত দুটা দশক ধৰি আন্দোলন চলি আহিছে । ইয়াৰ মাজতে ২০০৬ চনত কেন্দ্ৰীয় সাৰ মন্ত্ৰী ৰামবিলাস পাছোৱানে নামৰূপ সাৰ কাৰখানা অধিক কাৰ্যক্ষম কৰিবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটোত চতুৰ্থ গোট নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া কাৰ্যকৰী হোৱা নাছিল । ফলত অসমৰ দল-সংগঠনে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছিল ।
কিন্তু ইয়াৰ মাজতে অৱশেষত আহিল ভাল খবৰটো । ২০০৬ চনতে আধাৰশিলা স্থাপন হোৱা সাৰ কাৰখানাটোৰ চতুৰ্থ গোটটো দীৰ্ঘদিন ধৰি স্থবিৰ হোৱাৰ পাছত শনিবাৰে কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সাৰ কাৰখানাটোৰ ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনক্ষম এটা নতুন গোট নিৰ্মাণ হ’ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে ।
ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে নিৰ্মাণ কৰিব নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট
শনিবাৰে কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সাৰ কাৰখানাৰ ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনক্ষম এটা নতুন গোট নিৰ্মাণ হ’ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলেও সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে ৪০% অসম চৰকাৰৰ আৰু ৬০%অংশীদাৰিত্ব ভাৰত চৰকাৰৰ । নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণত ৪০% অসম চৰকাৰে বিনিয়োগ কৰিবলৈ ৰাজ্য চৰকাৰে কেবিনেটত ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে ।
উৎফুল্লিত নামৰূপ সাৰ কাৰখানাৰ কৰ্মচাৰী
নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ দাবীত দুটা দশক ধৰি আন্দোলন চলি আহিছে । তাৰ মাজতে মাজে-সময়ে খবৰ ওলাইছিল যে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা বন্ধ কৰি দিয়া হ'ব । ফলত এই উদ্যোগটোৰ প্ৰায় ৪৫০ গৰাকী স্থায়ী আৰু ১৫০০ অস্থায়ী কৰ্মচাৰীয়ে চাকৰি হেৰুওৱাৰ ভয় এটা লৈ দিন পাৰ কৰিছিল ।