অসম

assam

গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ সিদ্ধান্ত মানি নলয় বাৰ এছ’চিয়েশ্যনে

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 10:47 PM IST

Guwahati high court bar association : গুৱাহাটী উচ্চ ন্যায়ালয়কে ধৰি কামৰূপ মহানগৰ জিলাত থকা সকলো ন্যায়ালয় শীঘ্ৰে উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰাৰ সন্দৰ্ভত গুৱাহাটী হাইক’ৰ্ট বাৰ এছ’চিয়েশ্যনৰ তীব্ৰ প্ৰতিবাদ ৷

Guwahati high court bar association
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ প্ৰসংগক লৈ বাৰ এছ’চিয়েশ্যনৰ প্রতিক্রিয়া

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ প্ৰসংগক লৈ বাৰ এছ’চিয়েশ্যনৰ প্রতিক্রিয়া

গুৱাহাটী, ৮ ফেব্ৰুৱাৰী: শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়কে ধৰি কামৰূপ মহানগৰ জিলাত থকা সকলো ন্যায়ালয় শীঘ্ৰে উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰা হ'ব বুলি আইন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিধানসভাত সদৰী কৰিছিল ৷ ইয়াৰ পিচতে বৃহস্পতিবাৰে গুৱাহাটী হাইক’ৰ্ট বাৰ এছ’চিয়েশ্যনে এই সন্দৰ্ভত তীব্র প্রতিক্রিয়া প্ৰকাশ কৰিছে ।

মন্ত্ৰীজনে বিধানসভাত বিবৃতি দিয়াৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাচতে বাৰ এছ'চিয়েশ্যনে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতি উলংঘন হোৱা বুলি প্ৰকাশ কৰিছে । আজি এছ'চিয়েশ্যনৰ সভাপতি মৃণাল কুমাৰ চৌধুৰী আৰু সচিব প্রধান গিৰীন পেগুৱে কয় যে, আদালত স্থানান্তৰ কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ পাচতে বাৰ এছ'চিয়েশ্যনে প্ৰতিবাদত নামিছিল। সেই প্রতিবাদৰ সময়তে বিগত বছৰৰ ৩০ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক আলোচনা অনুষ্ঠিত হৈছিল। আলোচনাত মুখ্যমন্ত্রীয়ে আদালত স্থানান্তৰ কৰা নহয় বুলি বাৰ এছ'চিয়েশ্যনৰ লগতে উপস্থিত সকলো অধিবক্তা সংগঠনক প্রতিশ্রুতি প্ৰদান কৰিছিল ।

এই আলোচনাত মুখ্যমন্ত্রীয়ে অধিবক্তা সংগঠনসমূহক অৱগত কৰিছিল যে, গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণ, ৰংমহল এলেকাত ন্যায়ালয় নির্মাণৰ বাবে প্রয়োজনীয় আঢ়ৈশ বিঘা ভূমিৰ অভাৱ, সেই প্রয়োজনীয় ভূমি অধিগ্ৰহণ কৰাৰ বাবে অসম চৰকাৰৰ প্ৰয়োজনীয় পুঁজিৰ অভাৱৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি লাভ কৰা আদি বিভিন্ন সমস্যাৰ বাবে সেই স্থানলৈ অতি কমেও ২০ বছৰ পৰ্যন্ত উচ্চ ন্যায়ালয়কে ধৰি ন্যায়ালয়সমূহৰ স্থানান্তৰ নহ'ব বুলি আশ্বাস দিছিল। কিন্তু আইন মন্ত্ৰীজনে দিয়া বিবৃতিত অধিবক্তা সংগঠনসমূহৰ সৈতে ন্যায়ালয় স্থানান্তৰৰ বিষয়টো চৰকাৰে শেহতীয়াকৈ আলোচনা কৰি গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে।

কিন্তু ইয়াৰ পিচতে গুৱাহাটী হাইক'ৰ্ট বাৰ এছ'চিয়েশ্যনে চৰকাৰৰ সৈতে তেওঁলোকৰ এতিয়া আলোচনা হোৱাৰ কথা অস্বীকাৰ কৰে । এই প্ৰতিবাদৰ জৰিয়তে এছ’চিয়েশ্যনে আইন মন্ত্রীক এই বিষয় সন্দৰ্ভত স্পষ্ট কৰিবৰ বাবেও আহ্বান জনায় ৷

লগতে পঢ়ক:অগ্নিপথ আঁচনিৰ বিৰুদ্ধে দেশৰ লগতে অসমজুৰি‌ আন্দোলনৰ‌ ঘোষণা কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details