অসম

assam

বংকোৱালবাসীৰ দুখ-দুৰ্দশাৰ বুজ ল’লে মন্ত্ৰী ৰণোজ পেগুৱে - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 7:24 PM IST

Ranoj Pegu visits flood affected areas: বোকাখাতৰ বান বিধস্ত বংকোৱালত উপস্থিত মন্ত্ৰী ৰণোজ পেগু ৷ জনগণৰ দুখ-দুৰ্দশাৰ বুজ লোৱাৰ লগতে পেগুৱে বংকোৱালৰ সামগ্ৰিক ক্ষয়-ক্ষতিৰ বুজ লয় আৰু শীঘ্ৰে পূৰ্বৰ অৱস্থা ঘূৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বন্যাৰ্তক আশ্বাস প্ৰদান কৰে ৷

Ranoj Pegu visits flood affected areas of bokakhat
বংকোৱালবাসীৰ দুখ-দুৰ্দশাৰ বুজ ল’লে মন্ত্ৰী ৰণোজ পেগুয়ে (ETV Bharat Assam)

গোলাঘাট, 14 জুলাই:কিছুদিন পূৰ্বে ব্ৰহ্মপুত্ৰৰ প্ৰৱল বানে বোকাখাতৰ বংকোৱালৰ মথাউৰি ভাঙি পেলায় ৷ ফলত বোকাখাতত সৃষ্টি হৈছিল এক অবৰ্ণনীয় পৰিৱেশৰ ৷ নিৰাপদ আশ্ৰয় বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছিল বংকোৱালবাসীয়ে ৷

বংকোৱালবাসীৰ দুখ-দুৰ্দশাৰ বুজ ল’লে মন্ত্ৰী ৰণোজ পেগুয়ে (ETV Bharat Assam)

অৱশেষত শনিবাৰে বংকোৱালৰ চিগা মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী ৰণোজ পেগুৱে ৷ বৃহত্তৰ অঞ্চলটোৰ জনগণৰ দুৰ্দশাৰ বুজ লোৱাৰ লগতে পেগুৱে বংকোৱালৰ সামগ্ৰিক ক্ষয়-ক্ষতিৰ বুজ লয় ৷ ইয়াৰোপৰি অতি শীঘ্ৰে কেনেকৈ এলেকাটোৰ পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিব পাৰি তাৰ বাবে চৰকাৰ তৎপৰ হৈ আছে বুলিও মত ব্যক্ত কৰে ৷

ইপিনে, চিগা মথাউৰিৰ পুনৰ নিৰ্মাণ চলিছে যদিও এতিয়াও সন্তুষ্ট নহয় বান বিধ্বস্ত ৰাইজ । চিগা মথাউৰিৰ পুনৰ নিৰ্মাণ নোহোৱালৈকে বিকল্প যাতায়তৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে বানাক্ৰান্তই ।

উল্লেখ্য যে, বংকোৱালৰ চিগা মথাউৰি পৰিদৰ্শনকালত বিকল্প যাতায়তৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু বিপৰ্যয়ৰ 11 দিনৰ পাছতো বিকল্প যাতায়তৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নহ’ল । ফলত পথ যোগাযোগ এক প্ৰকাৰ বিচ্ছিন্ন হৈ পৰিছে অঞ্চলটোত ৷

ইফালে, ব‍ংকোৱালত সম্প্ৰতি বিশুদ্ধ খোৱাপানীৰ হাহাকাৰে দেখা দিছে । আনকি, পোহনীয়া জীৱ-জন্তুৰো খাদ্যৰ অভাৱ ঘটিছে বংকোৱালত ৷ পৰ্যাপ্ত পৰিমাণৰ পশুখাদ্যৰ যোগান নধৰাৰ অভিযোগ তুলিছে একাংশ বন্যাৰ্তই ।

বংকোৱালৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষত থিয় দি জীপাল কৃষক শ্ৰমিক সংঘই চৰকাৰে বিজ্ঞানসন্মত কি আৰু কেনেধৰণৰ কাৰিকৰী পন্থা মথাউৰি পুনৰ নিৰ্মাণত ব্যৱহাৰ হ'ব সেই সম্বন্ধে সম্পূৰ্ণ তথ্য চৰকাৰে স্পষ্ট কৰিব লাগিব বুলি দাবী তোলে ৷ আনহাতে, ইয়াৰ বাবে প্ৰয়োজন হোৱা ধনৰাশি সম্বন্ধেও ৰাজহুৱা কৰিবলৈ দাবী জনায় জীপাল কৃষক শ্ৰমিক সংঘই ৷

নিজকে মিচিং জনগণৰ অভিভাৱক বুলি দাবী কৰা মন্ত্ৰী ৰণোজ পেগুৱে বোকাখাতৰ বংকোৱালত হোৱা বিপৰ্যয়ৰ 11 দিনৰ পাছতহে বানবিধস্ত মিচিং জনগণৰ দুৰ্দশাৰ খবৰ ল’বলৈ অহা বিষয়টোত স্থানীয় লোকসকলে ক্ষোভ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক:নিজেই বানাক্ৰান্ত হৈয়ো সহায়ৰ হাত আগবঢ়াইছে জখলাবন্ধা আৰক্ষীয়ে - Assam flood 2024

বোকাখাতৰ বান বিধস্ত বংকোৱালবাসীৰ কাষত কৃষিমন্ত্ৰী অতুল বৰা - Assam Flood 2024

ৰ‍াজ্যৰ ২১খন জিলাৰ আঠ লক্ষাধিক লোক এতিয়াও বানৰ কবলত; মৃতকৰ সংখ্যা ৯১ লৈ বৃদ্ধি - Assam Flood 2024

বানে প্ৰাণ ল'লে শিশুৰ, বাঢ়নী পানীত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - Assam Flood 2024

ABOUT THE AUTHOR

...view details