অসম

assam

ETV Bharat / state

কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ হ'লেও কংগ্ৰেছ মূল শত্ৰু নহয়: অখিল গগৈ

বৰপেটাত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ । কংগ্ৰেছক বিৰোধিতা কৰিবলৈ গৈ বিজেপিৰ লাভ হোৱা কাম নকৰে অখিল গগৈয়ে ।

RAIJOR DAL PRESIDENT AKHIL GOGOI
বৰপেটাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : 5 hours ago

বৰপেটা:বৰপেটাত কংগ্ৰেছৰ বিৰুদ্ধে সৰব ৰাইজৰ দলৰ সভাপতি অখিল গগৈ । ২০২৬ চনত ১২৬ টা সমষ্টিতে প্ৰাৰ্থিত্ব দিবৰ বাবে আৰম্ভ কৰা সাংগঠনিক কাৰ্যসূচীৰ অংশ হিচাপে বৰপেটাৰ চেঙাৰ বামুনদংৰাত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশ লৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিস্ফোৰক মন্তব্য, "৫ সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ সফল নহয় । কংগ্ৰেছে বিৰোধী ঐক্যমঞ্চক প্ৰতাৰণা কৰি ৫ সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈছে যদিও তেওঁলোক সফল নহ’ব । কংগ্ৰেছৰ প্ৰতি এতিয়াও ৰাইজৰ আস্থা অহা নাই ।"

লগতে পঢ়ক:গজদন্ত মিনাৰ চুইছেগৈ গৌৰৱৰ অহংকাৰে: হিয়া উজাৰি কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অখিল গগৈয়ে

বিধায়ক গগৈয়ে লগতে কয়, "অসমৰ ২০ শতাংশ লোকে চিৰকাল কংগ্ৰেছক ঘৃণা কৰে আৰু ভোট দিব নিবিচাৰে । কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিছে । সেই বিশ্বাসঘাতকতাৰ ফল কংগ্ৰেছে নিজেই পাব ।" তেওঁ আৰু কয়, " '২৬ ত ১২৬ টা সমষ্টিতে ৰাইজৰ দলে প্ৰাৰ্থী দিব । পূৰ্বে কংগ্ৰেছৰ বাবেই অসমত সংগঠন কৰিব পৰা নাছিল ৰাইজৰ দলে । গৌৰৱ গগৈয়ে আমাক বিশ্বাসঘাতকতা কৰিছে । মূলতঃ গৌৰৱ গগৈৰ কাৰণেই, গৌৰৱ গগৈৰ অহংকাৰ আৰু কাকো পাত্তা নিদি, বিৰোধী ঐক্যমঞ্চক অপমান কৰি বিহালী চীটটো কাঢ়ি লৈছে ।"

বিৰোধী সাংসদ গৌৰৱ গগৈক সমালোচনা কৰি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয়, "তিনি গগৈৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰিছে গৌৰৱ গগৈয়ে আৰু সেই ভুল বুজাবুজি গৌৰৱ গগৈয়েই নাইকীয়া কৰিব লাগিব । গৌৰৱ গগৈ যেতিয়ালৈকে সংশোধন নহ’ব, তেওঁৰ অহংকাৰ নকমিব, তেতিয়ালৈকে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম নহ’ব । অৱশ্যে কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ হ'লেও কংগ্ৰেছ মূল শত্ৰু নহয় । কংগ্ৰেছক বিৰোধিতা কৰিবলৈ গৈ বিজেপিৰ লাভ হোৱা কাম নকৰে অখিল গগৈয়ে । কংগ্ৰেছ বিশ্বাসঘাতকৰ দল ।"

লগতে পঢ়ক:২০২৬ত ৰাইজৰ দলক বাদ দি কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে: অখিল গগৈ - Raijor Dal joining programme

"কংগ্ৰেছে ২০২১ চনতো বিশ্বাসঘাতকতা কৰিছে, ২০২৪ চনতো বিশ্বাসঘাতকতা কৰিলে আৰু ২০২৬ চনতো বিশ্বাসঘাতকতা কৰিব । কংগ্ৰেছে কেৱল ক্ষমতাৰ কথা জানে । কিন্তু বিজেপিক হৰুৱাবলৈ ষ্ট্ৰেটেজী প্ৰস্তুত কৰিব নোৱাৰে বুলিও মন্তব্য কৰে অখিল গগৈয়ে ৷" বিধায়ক গগৈয়ে কয় ৷

ABOUT THE AUTHOR

...view details