অসম

assam

বিলাসীপাৰাত উচ্ছেদিত পৰিয়ালক সাহাৰ্য বিতৰণ ৰাইজৰ দলৰ - Bilasipara Eviction

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 9:16 PM IST

Bilasipara eviction: চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ পূৰ্বে বিলাসীপাৰাত প্ৰশাসনে উচ্ছেদ কৰে ১৭ টাকৈ পৰিয়াল । উচ্ছেদিৰ খবৰ লোৱা নাই সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক ছামছুল হুদাই ।

Bilasipara eviction
ৰাইজৰ দলৰ সাহাৰ্য (ETV Bharat Assam)

বিলাসীপাৰা, ৪ আগষ্ট : বিলাসীপাৰাৰ চিৰাকূটাত উচ্ছেদিত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি। নিজৰ সপোনৰ ঘৰখন ভঙাৰ ফলত দুৰ্বিসহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে উচ্ছেদিত পৰিয়ালে । যোৱা দুদিন ধৰি কিছুদিন ধৰি এই উচ্ছেদিত পৰিয়াল সমূহে প্ৰশাসন অথবা চৰকাৰৰ পৰা কোনো সাহাৰ্য নোপোৱাত অনাহাৰে-অনিদ্ৰাৰে থাকিবলগীয়া হৈছে । ইয়াৰ মাজতেই দেওবাৰে উচ্ছেদিত পৰিয়ালৰ কাষত উপস্থিত হয় ৰাইজৰ দলৰ নেতা-কৰ্মী ।

ৰাইজৰ দলৰ সাহাৰ্য (ETV Bharat Assam)

উচ্ছেদিত পৰিয়ালৰ কাষত উপস্থিত হৈ ৰাইজৰ দলৰ যুৱ নেতা জামাল হকে নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰতিটো পৰিয়ালক চাউল, দাইল, মিঠাতেল আৰু ত্ৰিপাল বিতৰণ কৰে । উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে বিলাসীপাৰা মহকুমাৰ চাপৰ ৰাজহ চক্ৰ অন্তৰ্গত চিৰাকূটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চাৰিলেনযুক্ত পথ নিৰ্মাণত ১৭ টাকৈ পৰিয়ালক উচ্ছেদ কৰিছিল প্ৰশাসনে । এই উচ্ছেদিত পৰিয়ালৰ কাষত ধুবুৰী জিলা ৰাইজৰ দলৰ যুৱ নেতাজনকে আদি কৰি এটি সজাতি দল উপস্থিত হয় । এই দলটোৱে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰে ।

উচ্ছেদৰ বিৰুদ্ধে সৰৱ ৰাইজৰ দল :

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰণে উক্ত পথছোৱা চাৰিলেনযুক্ত কৰিবৰ বাবে অনুমোদন লাভ কৰে । সেইমতে চাৰিলেনযুক্ত পথৰ বাবে প্ৰয়োজনীয় ভূমিৰ জোখ-মাপলৈ পথৰ কাষৰ ১৭ টাকৈ পৰিয়ালৰ ঘৰত বুলড'জাৰ চলাই উচ্ছেদ কৰে । এই সন্দৰ্ভত ৰাইজৰ দলৰ এজন নেতাই কয়," বিগত ৫০ বছৰৰ পৰা অঞ্চলটোত বসবাস কৰি থকা আৰু বিভাগীয় ভাবে একচনীয়া পট্টা লাভ কৰা,আনকি ভূমিৰ খাজনা দি থকাৰ পিছতো পৰিয়াল সমূহৰ গৃহ উচ্ছেদ কৰাতো চৰম অন্যায় কৰা হৈছে । এই উচ্ছেদিত পৰিয়ালৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগীয়া হৈছে ।"

খবৰ নাই ধুবুৰীৰ সাংসদৰ :

বিলাসীপাৰাৰ চিৰাকূটাত উচ্ছেদিত পৰিয়ালৰ খবৰ ল'বলৈ আজি পৰ্যন্ত উপস্থিত হোৱা নাই ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক ছামছুল হুদাৰ । সেয়েহে ৰাইজে দুয়োগৰাকী জনপ্ৰতিনিধিৰ বিৰুদ্ধে উচ্ছেদিত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ।

ধুবুৰীৰ বিলাসীপাৰাত চলিল প্ৰশাসনৰ বুলড'জাৰ - Bilasipara eviction

লগতে পঢ়ক:গোৱালপাৰাত বন বিভাগৰ বৃহৎ উচ্ছেদ অভিযান

ABOUT THE AUTHOR

...view details