অসম

assam

ETV Bharat / state

"এইবোৰ সকলো ভেকো-ভাওনা" বুলি কৈ অখিল গগৈৰ সংগ এৰিলে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদকে

ৰাইজৰ দল ত্যাগ কেন্দ্ৰীয় সম্পাদক ৰাতুল গগৈ ৷ ৰাইজৰ দলে ৰাষ্ট্ৰীয় দলৰ সৈতে মিতিৰালি কৰাত দলৰ কৰ্মীৰ মাজত বৃদ্ধি পাইছে ক্ষোভৰ ৷

Assam Bye Election 2024
ৰাইজৰ দল ত্যাগ ৰাতুল গগৈৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 6 hours ago

ডিব্ৰুগড়: উপ-নিৰ্বাচনক লৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলেই ব্যাপক প্ৰচাৰ অভিযানত নামিছে । পিছপৰি ৰোৱা নাই শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত থকা ৰাইজৰ দলটোও । বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে হৈ যোৱা লোকসভা নিৰ্বাচনত ৰাজ্যত গঠন হৈছিল বিৰোধী ঐক্যমঞ্চ ।

বৰ্তমান এই বিৰোধী ঐক্যমঞ্চৰ নাম সলনি কৰি অসম সন্মিলিত মৰ্চা কৰা হৈছে । এই সন্মিলিত মৰ্চাৰ অংশীদাৰ ৰাইজৰ দল । কিন্তু ৰাইজৰ দলৰ নেতৃত্বই দলটো আগবঢ়াই নিবলৈ যি ধৰণেৰে চেষ্টা চলাইছে তাক লৈ দলৰ ভিতৰচ’ৰাত আৰম্ভ হৈছে অসন্তুষ্টি ।

ৰাতুল গগৈ (ETV Bharat Assam)

আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ লক্ষ্যৰে গঠন হোৱা ৰাইজৰ দলে ৰাষ্ট্ৰীয় দলৰ সৈতে মিতিৰালি কৰাত ক্ষোভ বৃদ্ধি পাইছে দলটোৰ কৰ্মীসকলৰ । ফলত উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাইজৰ দলত মোক্ষম আঘাত । আজি ৰাইজৰ দলত্যাগ কৰে কেন্দ্ৰীয় সম্পাদক ৰাতুল গগৈয়ে । ২০২২ চনৰ ৩ জুলাইত অখিল গগৈৰ উপস্থিতিত গুৱাহাটীৰ এক অনুষ্ঠানত ৰাইজৰ দলত ৰাতুল গগৈয়ে যোগদান কৰিছিল । কিন্তু দলটোৰ নেতৃত্বই ৰাষ্ট্ৰীয় দলৰ সৈতে বন্ধুত্ব স্থাপন কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰি পদত্যাগ পত্ৰ আজি কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছে । উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত কেন্দ্ৰীয় সম্পাদকগৰাকীয়ে দলত্যাগ কৰাটো ৰাইজৰ দলৰ বাবে চিন্তাৰ বিষয় যে হ'ব সেয়া নিশ্চিত ।

ৰাতুল গগৈৰ পদত্যাগ পত্ৰ (ETV Bharat Assam)

দল ত্যাগ কৰি কি কয় ৰাতুল গগৈয়ে :

ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি ৰাতুল গগৈয়ে কয়, "প্ৰকৃত জাতীয়তাবাদী ব্যক্তিক আমি শ্ৰদ্ধা কৰো । সেয়ে আমি ৰাইজৰ দলত যোগদান কৰিছিলো । কিন্তু আজি মই ৰাইজৰ দল ত্যাগ কৰিছো । ৰাষ্ট্ৰীয় দলক গুৰুত্ব দি যদি জাতীয়তাবাদ উদ্ধাৰ কৰিব বিচাৰিছে সেয়া অলীক কল্পনা । এই কথাবিলাক বহুবাৰ দলৰ মজিয়াত উত্থাপন কৰা হৈছিল যদিও দলে গুৰুত্ব নিদিলে ।"

তেওঁ লগতে কয়, "অসমৰ সকলো আঞ্চলিকতাবাদী শক্তি একলগ হোৱাটো অসমৰ ৰাইজে বিচাৰিছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল । কেৱল দলৰ মজিয়াত ভেকোভাওঁনা আৰম্ভ হ'ল ।" কেইখনমান আসনৰ বাবে‌ই যাতে অসমীয়া জাতিটোক ধ্বংস নকৰে তাৰ বাবেও আহ্বান জনালে পদত্যাগী ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক ৰাতুল গগৈয়ে ।

লগতে পঢ়ক:গজদন্ত মিনাৰ চুইছেগৈ গৌৰৱৰ অহংকাৰে: হিয়া উজাৰি কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অখিল গগৈয়ে

ABOUT THE AUTHOR

...view details