গোৱালপাৰা, ৩১ আগষ্ট : ৰাভা হাছং স্বায়ত্বশাসিত ৰাজ্য গঠনৰ দাবীত শনিবাৰে গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰাভা জাতীয় যুৱ পৰিষদৰ উদ্যোগত ৰূপায়ন কৰা হয় অৱস্থান ধৰ্মঘট কাৰ্যসূচী । ৰাভা হাছং স্বায়ত্বশাসিত ৰাজ্য গঠনৰ দাবীত বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷
আমাৰ অধিকাৰ আমাক লাগিবই, আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী মানি লওক, ৰাভা যুৱ পৰিষদ জিন্দাবাদ, ৰাভা জাতি খেঙেই তোঙখান, ৰাভাসকলক স্বায়ত্বশাসিত ৰাজ্য লাগিবই আদি শ্লোগানেৰে উত্তাল কৰি ৰাজপথ ৷ ৰাভা জাতীয় যুৱ পৰিষদৰ সভাপতি ৰত্নেশ্বৰ ৰাভাই কয়, ‘‘আমি ভাৰতীয় সংবিধানখন প্ৰতিজন নাগৰিকে পালন কৰি আহিছো । এই সংবিধানৰ গণ্ডিত থকা প্ৰতিটো অনুচ্ছেদ আমি জাতি ধৰ্ম নিৰ্বিশেষে মানি আহিছো । সংবিধানৰ ২৪৪ (ক) ধাৰা অনুসৰি জনজাতীয় লোকসকলক অসম ৰাজ্যৰ ভিতৰতে ‘ৰাভা হাছং স্বায়ত্বশাসিত ৰাজ্য’ গঠনৰ কথা উল্লেখ আছে । সেয়ে আমি ৰাভা জনজাতীয় লোকসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ কাৰণে চৰকাৰে আমাক ৰাভা হাচং স্বায়ত্বশাসিত ৰাজ্য গঠন দিব লাগে ৷’’
পাঁচদফীয়া দাবীৰে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় ৷ স্মাৰকপত্ৰখনত উল্লেখ আছে-
১. ঐতিহাসিক ৰাভা ৰাজ্যসমূহৰ ভূমিপুত্ৰ, খিলঞ্জীয়া অধ্যুষিত অঞ্চল আৰু জনজাতিৰ বাবে সংৰক্ষিত বিধানসভা সমষ্টি- বকো, দুধনৈ আৰু পশ্চিম গোৱালপাৰা সমষ্টি সামৰি ভাৰতীয় সংবিধানৰ Article 244 (A)-ৰ ভিত্তিত ২৭৫ নং অনুচ্ছেদৰ উপ-অনুচ্ছেদ (১ক) সংলগ্ন ৰাভা হাছং ৰাজ্যৰ ভিতৰত স্বায়ত্বশাসিত ৰাজ্য অসমৰ ভিতৰতে গঠন কৰক ।
২. জনজাতিৰ বাবে সংৰক্ষিত অসম বিধানসভাৰ সমষ্টি- বকো, দুধনৈ আৰু পশ্চিম গোৱালপাৰা সামৰি এটি ‘বগাই-দ'দান’ নামেৰে লোকসভা সমষ্টি গঠন কৰক ।