জোনাই,২৮ এপ্ৰিল: উন্নয়নৰ শ্ল'গানেৰে মুখৰিত ৰাজ্যৰ চৌদিশ । সবকা সাথ, সবকা বিকাশ শ্ল'গানেৰে ৰাইজৰ ওচৰত পুনৰ ভোট ভিক্ষা কৰিছে শাসকীয় বিজেপি দলৰ সাংসদ প্ৰাৰ্থীসকলে । পিছে বিজেপি চৰকাৰৰ সবকা সাথ, সবকা বিকাশ শ্ল’গান মাথোঁ শ্ল’গান হৈয়ে ৰ’ল জোনাইৰ কেইবাখনো গ্ৰামাঞ্চলত । একবিংশ শতিকাতো বোকা পানী গচকিয়েই বহিঃজগতৰ সৈতে যোগাযোগ ৰাখিবলগীয়া হৈছে জোনাইৰ এটা অঞ্চলৰ ৰাইজে ।
ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চন্দ্ৰপুৰ গাঁৱৰ এটা ব্যস্ত পথৰ ৰূপ দেখিলে চকু কঁপালত উঠিব আপোনাৰো । জোনাই সদৰৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ নিলগৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী গাঁওখনৰ এই ব্যস্ত পথচোৱাৰ কদৰ্যময় পৰিৱেশে বছৰ বছৰ ধৰি জীয়াতু ভুগাইছে গাঁওখনৰ সহস্ৰাধিক ৰাইজক । বাৰিষাৰ সময়ৰ কথাটো বাদেই খৰালি কালতো বোকা-পানী গচকিয়েই যাতায়ত অব্যাহত ৰাখিছে বহিঃজগতৰ সৈতে ।