অসম

assam

ETV Bharat / state

বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে ৰাজ্য়জুৰি প্ৰতিবাদ - ATROCITIES ON MINORITIES

শান্তিৰ ন'বেল বঁটা লাভ কৰা দেশত আজি অশান্তি । ধৰ্মীয় সংখ্যালঘুক চলোৱা হৈছে নিৰ্যাতন ।

Atrocities on minorities in Bangladesh
বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত নিৰ্যাতন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 3, 2024, 5:55 PM IST

নিউজ ডেস্ক: বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ । মঙলবাৰে লোক জাগৰণ মঞ্চ অসমৰ লগতে বিভিন্ন সংগঠনৰ উদ্যোগত ৰাজ্য়জুৰি এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিওৱা হয় ।‌

জাগিলে হিন্দু বাচিব দেশ নহ'লে হ'ব বাংলাদেশ :

বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত নিৰ্যাতন (ETV Bharat Assam)

'জাগিলে হিন্দু বাচিব দেশ নহ'লে হ'ব বাংলাদেশ' শ্লগানত উত্তাল যোৰহাট । ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত এতিয়া নিৰাপত্তাহীনতা ভুগিছে তাত বাস কৰা হিন্দু ধৰ্মৰ লোকসকল । বাংলাদেশৰ নাগৰিকসকলে মৌলবাদীৰ সহায়ত হিন্দুসকলৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাত ভাৰতত ইয়াৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে । ইয়াৰ ব্যতিক্ৰম নহয় যোৰহাট ।

মঙলবাৰে যোৰহাট জাগৰণ মঞ্চৰ উদ্যোগত বিজেপিয়ে যোৰহাট জিলা ষ্টেডিয়ামৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক উপ-সভাপতি ৰাণা গোস্বামীয়ে কয় যে বাংলাদেশৰ হাছিনা চৰকাৰৰ পতন হোৱাৰ পিছত নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে বাংলাদেশৰ হিন্দু নাগৰিকসকলৰ ওপৰত শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱা হৈছে । এয়া সহ্যৰ সীমাৰ বাহিৰত । কাৰণ বাংলাদেশৰ পৰা অহা লোকসকল দেশৰ বিভিন্ন প্ৰান্তত এক সুস্থিৰ পৰিৱেশত বসবাস কৰি আহিছে, কিন্তু ইয়াৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে বাংলাদেশত । সেয়েহে ভাৰতে বৈদেশিক নীতিৰ জৰিয়তে এয়া সমাধান কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে হস্তক্ষেপ কৰাটো প্ৰয়োজনীয় ।

বিজেপিৰ উপ-সভাপতি গোস্বামীয়ে পুনৰ কয় যে বাংলাদেশৰ এগৰাকী অধিবক্তাই ইস্কনক বে-আইনী হিচাপে ঘোষণা কৰাৰ আৰ্জি জনাইছিল বাংলাদেশৰ উচ্চ ন্যায়ালয়ত । কিন্তু অধিবক্তাজনৰ সেই প্ৰস্তাৱ বাংলাদেশৰ উচ্চ ন্যায়ালয়ে নাকচ কৰে । আনহাতে, উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপিৰ জ্যেষ্ঠ নেতা শান্তনু পূজাৰীয়ে কয়," বাংলাদেশত হিন্দু ওপৰত নিৰ্যাতন সহ্যৰ সীমা অতিক্ৰম কৰিছে,সেয়েহে এই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে হস্তক্ষেপ কৰাটো প্ৰয়োজন। "

বৰপেটাত প্ৰতিবাদী সমদল:

বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত নিৰ্যাতন চলাৰ বিৰুদ্ধে আজি বৰপেটাত লোক জাগৰণ মঞ্চ অসমৰ উদ্যোগত এই প্ৰতিবাদী সমদল উলিওৱা হয় ।‌ বৰপেটা বিদ্যাপীঠ খেলপথাৰৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয় উলিওৱা এই সমদলত কেইবা লোকে অংশগ্ৰহণ কৰে ।

সমদলৰ পূৰ্বে এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয় । এই সভাত কেবাজনো বক্তাই ভাষণ প্ৰদান কৰি বাংলাদেশ চৰকাৰে দেশখনৰ সংখ্যালঘু লোকসকলক নিৰাপত্তা প্ৰদানত ব্যৰ্থ হোৱা বুলি সমালোচনা কৰে।‌ এই সমদলত লোক জাগৰণ মঞ্চৰ নেতৃবৃন্দৰ লগতে পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ ভাস্কৰ দেৱগোস্বামী, বৰপেটা সত্ৰৰ বুঢ়া ভকত হেমেন আতৈ, অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাস আদিয়েও অংশগ্ৰহণ কৰে । ইয়াৰ পিছত জিলা আয়ুক্তৰ জৰিয়তে বাংলাদেশ চৰকাৰক সকীয়নীৰে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

নলবাৰীত বাংলাদেশ চৰকাৰক সকীয়নি :

নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ লোক জাগৰণ মঞ্চ নলবাৰীৰ উদ্যোগত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত তথা হিন্দু উপাসনা কেন্দ্ৰসমূহৰ ওপৰত চলি অহা নিৰ্যাতন আৰু অত্যাচাৰৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় । শেহতীয়াকৈ বাংলাদেশত চৰকাৰৰ কাৰ্যকাল পূৰ্ণ নোহোৱাতেই নতুন চৰকাৰ গঠন হয় । ইয়াৰ পিছতে সামাজিক মাধ্যমত চৰ্চিত হৈ পৰে বাংলাদেশত সংখ্যালঘূ হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰ তথা হিন্দু উপাসনা গৃহসমূহত ধ্বংসলীলা কাৰ্য । এই ঘটনাৰ বিৰুদ্ধে শ্ৰীশ্ৰী হৰিমন্দিৰৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদৰ অন্ততঃ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এখন প্ৰতিবাদী পথ সভা অনুষ্ঠিত হয় । উক্ত ঘটনতাৰ ন্যায় বিচাৰি জিলা আয়ুক্তৰ জৰিয়তে দেশৰ প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় ।

গোলাঘাটত বিশাল সমদল :

শান্তিৰ ন'বেল বঁটা লাভ কৰা দেশত অশান্তি । লোক জাগৰণ মঞ্চ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু কেইবাটাও দল সংগঠনৰ সহযোগত আজি গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়লৈ এক বিশাল সমদল উলিওৱা হয় । ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত আজি কিছুদিন ধৰি সনাতন ধৰ্মাৱলম্বীৰ ওপৰত হোৱা বৰ্বৰ অত্যাচাৰ,মঠ-মন্দিৰসমূহ ভাঙি দিয়াৰ উপৰি ধৰ্মগুৰুসকলৰ লগতে নাৰী নিৰ্যাতনৰ দৰে অপৰাধমূলক কাৰ্য সমূহৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে প্ৰতিবাদকাৰীসকল ।

প্ৰতিবাদত উত্তাল শিলচৰ :

বাংলাদেশত হিন্দু নিৰ্যাতনৰ প্ৰতিবাদত শিলচৰত ইণ্ডিয়ান ফ'ৰাম ফ'ৰ বাংলাদেশ পিচৰ উদ্য়োগত সমদল উলিওৱা হয় । বাংলাদেশত হিন্দু নিৰ্যাতনৰ প্ৰতিবাদত বাংলাদেশৰ লগতে বৰাকত চলিছে তীব্ৰ প্ৰতিবাদ । বাংলাদেশৰ ইষ্কন মন্দিৰৰ মহাৰাজ চিন্ময়কৃষ্ণ দাসৰ মুক্তিৰ দাবীত বৰাকৰ তিনিখন জিলাত বিভিন্ন দল সংগঠনে সাব্য়স্ত কৰে প্ৰতিবাদ ।

হাফলঙত ৩০ টা সংগঠনৰ প্ৰতিবাদ :

আজি হাফলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সনাতনী ঐক্যমঞ্চৰ উদ্যোগত ডিমা হাছাও জিলাৰ ৩০ সংগঠনে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানৰে উত্তাল কৰি তোলে হাফলং । ইয়াৰ পিছতে সনাতনী ঐক্যমঞ্চৰ লগতে বিশ্ব হিন্দু পৰিষদসহ ৩০ টা সংগঠনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসৰ জৰিয়তে প্ৰেৰণ কৰে এক স্মাৰকপত্ৰ ।

লগতে পঢ়ক:বাংলাদেশক পুনৰ ভাৰতে ঘূৰাই লোৱাৰ দাবীত উত্তাল লখিমপুৰ

বাংলাদেশী পণ্য এসপ্তাহৰ ভিতৰত বিক্ৰী কৰি শেষ কৰাৰ দাবী

ABOUT THE AUTHOR

...view details