মৰাণ:ৰাজ্য চৰকাৰে অসমৰ প্ৰাকৃতিক পৰিৱেশৰ মান উন্নত কৰাৰ বাবে আৰম্ভ কৰিছে অমৃত বৃক্ষ আন্দোলন । এই কাৰ্যসূচীৰ দ্বাৰা জিলাই জিলাই লাখে লাখে গছ পুলি ৰোপণ কৰা কাৰ্যসূচী গ্ৰহণ কৰিছে । কিন্তু ইয়াৰ পাছতো কেইদিনমান পূৰ্বে গুৱাহাটীৰ দীঘলীপুখুৰীৰ কাষৰ অতি পুৰণি গছ কাটিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল ৰাইজে । গুৱাহাটীৰ পাছত একে পৰিবেশ সৃষ্টি হৈছে চাহ নগৰী ডিব্ৰুগড়ত ।
ডিব্ৰুগড় চহৰৰ মাজমজিয়াত চাহ বাগিচা ধ্বংস কৰাক লৈ চিন্তিত সচেতন ৰাইজ । ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থকা অতি পুৰণি দক্ষিণ জালান চাহ বাগিচা ধ্বংস কৰি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপনৰ বাবে প্ৰস্তুতি চলোৱা হৈছে । জালান নগৰ টি ইষ্টেট প্ৰাইভেট লিমিটেড মালিকানাধীন দক্ষিণ জালান চাহ বাগিচাৰ ভূমিত ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ চলোৱা চেষ্টাক লৈ ডিব্ৰুগড়ত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ।
সেউজীয়া বাগিচাৰ লগতে চাহ বাগিচাত থকা গছ ধ্বংস কৰি হাস্পতাল, এপাৰ্টমেণ্ট, হোটেল আদি নিৰ্মাণৰ বিৰোধিতা কৰিছে দল-সংগঠনৰ লগতে ডিব্ৰুগড়ৰ সচেতন ৰাইজে । ফলত আজি উন্নয়নৰ নামত সেউজীয়া চাহ বাগিচা আৰু গছ ধ্বংসৰ বিৰুদ্ধে প্ৰতিবাদ ডিব্ৰুগড়ৰ সচেতন নাগৰিকৰ । উন্নয়নৰ নামত সেউজীয়া চাহ বাগিছা আৰু গছ ধ্বংসৰ বিৰুদ্ধে সৰৱ হোৱা বহনক্ষম সেউজীয়া ডিব্ৰুগড় নামৰ সামাজিক অনুষ্ঠানে ডিব্ৰুগড়ৰ সচেতন নাগৰিকসকলক একত্ৰিত কৰি সাব্যস্ত কৰিলে এই প্ৰতিবাদ ।
উল্লেখ্য় যে ইতিমধ্যে দক্ষিণ জালান চাহ বাগিচাৰ কৰ্তৃপক্ষই বিজেপিৰ কাৰ্যালয়কে ধৰি এটা ধৰ্মীয় অনুষ্ঠানক এক বৃহৎ অংশৰ মাটি বিক্ৰী কৰাৰ পাছতে সমগ্ৰ চাহ বাগিচাখন বিক্ৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড়ৰ এই সেউজীয়া ৰক্ষা কৰিবলৈ এইদৰে ডিব্ৰুগড় চহৰৰ চৌকিডিঙ্গীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি এক প্ৰতিবাদী সমদল উলিয়াই সচেতন নাগৰিকৰসকলে ।