অসম

assam

ধিঙৰ জঘন্য কাণ্ডই কঁপাইছে ৰাজ্য : ধৰ্ষণকাৰীক শীঘ্ৰে শাস্তিৰ দাবীত ৰাজ্যত প্ৰতিবাদ - Gang rape in Dhing

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 4:57 PM IST

Protest over Dhing minor girl rape case : ধিঙৰ জঘন্য় কাণ্ডৰ অভিযুক্তক শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত ভিন্নস্থানত প্ৰতিবাদ ৷ সমান্তৰালকৈ দাবী উঠিছে নাৰীক সুৰক্ষা প্ৰদানৰ ৷

Protest over Dhing minor girl rape case
ধৰ্ষণকাৰীক শীঘ্ৰে শাস্তিৰ দাবীত ৰাজ্যত প্ৰতিবাদ (ETV Bharat Assam)

নিউজ ডেস্ক, ২৩ আগষ্ট : কলকাতাকাণ্ডৰ চাঞ্চল্যকৰ ধৰ্ষণকাণ্ডৰ প্ৰতিক্ৰিয়া অব্যাহত থাকোতেই অসমত সংঘটিত হ’ল দুটাকৈ জঘন্য় কাণ্ড ৷ লখিমপুৰ আৰু নগাঁৱৰ ধিঙত সংঘটিত হ’ল ধৰ্ষণকাণ্ড ৷ ধিঙত এগৰাকী স্কুলীয়া ছাত্ৰীক তিনি পাষণ্ড‌ই টিউচনৰ পৰা আহি থকা অৱস্থাত জংঘললৈ নি বৰ্বৰভাৱে ধৰ্ষণ কৰাৰ সন্দৰ্ভত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদী কাৰ্যসূচী ৷

ধৰ্ষণকাৰীক শীঘ্ৰে শাস্তিৰ দাবীত ৰাজ্যত প্ৰতিবাদ (ETV Bharat Assam)

মৰিগাঁৱত একাধিক সংগঠনে উত্তাল কৰিলে ৰাজপথ :

মৰিগাঁৱতো একাধিক সংগঠনে ধিঙৰ ভুক্তভোগী ছাত্ৰীগৰাকীৰ ন্যায় বিচাৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ৷ দোষীক শাস্তিৰ দাবীত হাতে হাতে বিভিন্ন শ্ল’গান সম্বলিত বেনাৰ, পোষ্টাৰ শুকুৰবাৰে বিজেপি শাসনাধিষ্ঠ চৰকাৰ তথা গৃহ বিভাগক সক্ৰিয় হোৱাৰ দাবী জনালে প্ৰতিবাদী ৰাইজে ।

এই সন্দৰ্ভত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা বুবুমণি গোস্বামীয়ে কয়, ‘‘ যি সময়ত কলকাতাৰ এগৰাকী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাই বিশ্বজুৰি তোলপাৰৰ সৃষ্টি কৰিছে, সেই সময়তে অসমৰ লখিমপুৰ, ধিং আদি বিভিন্ন অঞ্চলত এচাম বিশেষ ব্যক্তিৰ দ্বাৰা আমাৰ কিশোৰী-যুৱতীক ধৰ্ষণৰ লক্ষ্য কৰি লোৱা হৈছে ৷ শেহতীয়াকৈ লখিমপুৰ আৰু ধিঙত যি ধৰ্ষণকাণ্ড সংঘটিত হ’ল তাৰ ধৰ্ষণকাৰীক শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আমি দাবী জনাইছো ৷ মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে গৃহ বিভাগক সক্ৰিয় কৰি তুলিবৰ বাবে আমি দাবী জনাইছো ৷’’

মৰিগাঁৱৰ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে স্বেচ্ছাসেৱী সংগঠন ‘সহায় অসম’ৰ মুৰব্বী ৰাজু মহন্ত, মানৱ অধিকাৰ সংগ্ৰাম সমিতি মুখ্য উপদেষ্টা বুবুমণি গোস্বামী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মৰিগাঁও জিলাৰ প্ৰচাৰক বিকাশ ডেকাৰ লগতে বহুকেইগৰাকী লোকে ৷

মৈৰাবাৰীত বিশাল প্ৰতিবাদী সমদল :

মৰিগাঁও জিলাৰ মৈৰাবাৰীতো ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবীত ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক লোক ৷ মছজিদৰ ইমাম, মৌলবীৰ পৰা সকলো স্তৰৰ লোকে ভাগ ল’লে প্ৰতিবাদী কাৰ্যসূচীত ৷ প্ৰতিবাদকাৰীসকলে মৈৰাবাৰী গাৰেহেৰা জামে মছজিদৰ পৰা মৈৰাবাৰী থানাপৰ্যন্ত সমদল কৰি লাহৰীঘাট ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে ধৰ্ষণকাৰীক কৰায়ত্ব কৰি উচিত শাস্তি নিদিয়া পৰ্যন্ত এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি কয় । ইফালে শুকুৰবাৰে মৈৰাবাৰীৰ ব্যৱসায়ীসকলে স্বতঃস্ফুতভাৱে ব্যৱসায়িক প্ৰতিস্থানসমূহ বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে ।

লংকাত ছাত্ৰ সমাজৰ প্ৰতিবাদ :

ধিঙত নাবালিকাৰ লগত সংঘটিত হোৱা জঘন্য ঘটনাক লৈ লংকাতো দেখা গ’ল উত্তাল প্ৰতিবাদ ৷ লংকা মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লংকা শাখাৰ উদ্যোগত উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ লংকা মহাবিদ্যালয়ৰ পৰা এক ৰেলীও বাহিৰ কৰা হয় ৷ উক্ত ৰেলী লংকা মহাবিদ্যালয়ৰ পৰা উলিয়াই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে শীলবস্তি বাইপাছ হৈ পুনৰ লংকা মহাবিদ্যালয়ৰ সন্মুখত সামৰণি মৰা হয় ৷ ৰেলীৰ অন্তত প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে লংকা মহাবিদ্যালয়ৰ সন্মুখত ধৰ্ষণকাৰীৰ প্ৰতিচ্ছবি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক :নাবালিকা ধৰ্ষণৰ ঘটনাক লৈ উত্তাল ধিং: শীঘ্ৰে ঘটনাস্থলী পৰিদৰ্শন কৰি ব্যৱস্থা ল’বলৈ ডিজিপিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

আকৌ ধৰ্ষণৰ বলি দেশৰ কন্যা: তিনি দুৰ্বৃত্তই ধৰ্ষণ কৰি পথৰ কাষত পেলাই থৈ গ’ল নাবালিকাক

ABOUT THE AUTHOR

...view details