অসম

assam

By ETV Bharat Assamese Team

Published : May 4, 2024, 8:40 PM IST

ETV Bharat / state

দোষীক গ্ৰেপ্তাৰৰ দাবীত দৰং জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰতিবাদ - Protest in Darrang

Clash In Darrang: দোষীক কৰায়ত্ত কৰাৰ দাবীত দৰং জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰতিবাদ । এজন দোষীক গ্ৰেপ্তাৰ কৰিয়ে আৰক্ষীয়ে দায়িত্ব সামৰাৰ অভিযোগ এখন গাঁৱৰ ৰাইজৰ । পিছে কিয় এই প্ৰতিবাদ ? জানো আহক এই প্ৰতিবেদনৰ জৰিয়তে ।

Protest at Darrang DC office demanding arrest of culprits
দোষীক গ্ৰেপ্তাৰৰ দাবীত দৰং জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰতিবাদ (ETV Bharat Assam)

দোষীক গ্ৰেপ্তাৰৰ দাবীত দৰং জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰতিবাদ (ETV Bharat Assam)

দৰং,৪ মে': শনিবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল দৰং জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদ । বুধবাৰে সংঘটিত হোৱা মাৰপিটৰ ঘটনাৰ উচিত তদন্ত নকৰাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । ঘটনাৰ সৈতে জড়িত মাত্ৰ এজনক গ্ৰেপ্তাৰ কৰিয়েই আৰক্ষী দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰি জিলা আয়ুক্তৰ ওচৰত দাখিল কৰে স্মাৰক পত্ৰ ।

জানিব পৰা মতে যোৱা ২৪ এপ্ৰিল বুধবাৰে মঙলদৈ বজাৰত তামোল-পাণ লৈ ব্যৱসায় কৰাক কেন্দ্ৰ কৰি সংঘটিত হৈছিল তীব্ৰ মাৰপিটৰ ঘটনা । উক্ত মাৰপিটৰ ঘটনাত গুৰুতৰভাৱে আহত হৈছিল পিতা জিতেন ডেকা আৰু পুত্ৰ শশাংক ডেকা । হাত আৰু মূৰত আঘাট পোৱা শশাংক ডেকাই মঙলদৈ থানাত ঘটনা সন্দৰ্ভত দাখিল কৰিছিল এজাহাৰ ।

কিন্তু আজি প্ৰায় দহ দিন উকলি যোৱাৰ পিছতো মঙলদৈ আৰক্ষীয়ে মাত্ৰ এজনক আটক কৰিয়ে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে । ইয়াকে লৈ ক্ষোভিত হৈ পৰে আহত পিতা-পুত্ৰৰ গাঁওখনৰ একাংশ লোক । সেয়ে মঙলদৈৰ হাউলীৰ জিতেন ডেকা আৰু শশাংক ডেকাৰ হৈ শনিবাৰে গাঁওখনৰ একাংশ পুৰুষ মহিলা ওলাই আহি আন আন দোষীসকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰি দৰঙৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে ।

প্ৰশাসনে খিলঞ্জীয়াক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে কয় যে, যিসকল দোষী এতিয়াও মুক্ত আকাশৰ তলত আছে তেওঁলোকে পৰৱৰ্তী সময়ত আন লোকসকলকো আক্ৰমণ কৰিব পাৰে । গতিকে এই ক্ষেত্ৰত শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই প্ৰতিবাদকাৰী ৰাইজে ।

ABOUT THE AUTHOR

...view details