লখিমপুৰ,২৯ ফেব্ৰুৱাৰী:লখিমপুৰৰ এগৰাকী কৃষি বিজ্ঞানী । লখিমপুৰ আঞ্চলিক কৃষি বিজ্ঞান কেন্দ্রত তেওঁ জ্যেষ্ঠ বিজ্ঞানী ৰূপে কৰ্মৰত হৈ আছে । তেওঁ হল ড৹ প্ৰৱাল শইকীয়া । সম্প্রতি ড৹ শইকীয়াৰ নাম চৰ্চালৈ আহিছে । জৈৱ বৈচিত্র সংৰক্ষণৰ হকে কৰা কাম-কাজৰ বাবে তেওঁৰ নাম চৰ্চালৈ আহিছে । জৈৱ বৈচিত্র সংৰক্ষণৰ বাবে ড৹ শইকীয়াই বহু ব্যতিক্রমী পদক্ষেপ গ্রহণ কৰি আহিছে ।
নেদাৰলেণ্ড চৰকাৰৰ ফেলশ্বিপ লৈ তেওঁ অসমত কৃষি জৈৱ বৈচিত্র্যতা সংৰক্ষণৰ হকে কাম কৰাৰ উপৰিও বিশেষ কৈ শিহু, ঘৰচিৰিকা চৰাই সংৰক্ষণৰ বাবে বাবে কাম কৰি আছে । ঘৰচিৰিকা চৰাই সংৰক্ষণৰ বাবে ইতিমধ্যে তেওঁ ২০ হেজাৰ বাকচ বিতৰণ কৰিছে । ৰাজ্যৰ ২৩ খন জিলাত জৰীপ সম্পন্ন কৰা হৈছে । শিৱসাগৰৰ দিখৌমুখ আৰু লখিমপুৰৰ বৰবালি চমুৱা গাঁও দুখন ঘৰচিৰিকা গাঁও হিচাপে গঢ়ি তোলা হৈছে ।
প্রকৃতি আৰু বন্যপ্রাণী সংৰক্ষণৰ ক্ষেত্ৰত এজন নিষ্ঠাবান পৰিৱেশকর্মী ড৹ প্রবাল শইকীয়াই স্থানীয় চৰাই সংৰক্ষণৰ বাবে অসমত 'নাগৰিক ঘৰচিৰিকা' (Citizen Sparrow) কাৰ্যসূচী আৰম্ভ কৰি বৰবালি চমুৱা আৰু দিখৌমুখত দুখনক এইদৰে ঘৰচিৰিকা গাঁও হিচাপে প্রতিষ্ঠা কৰে । বিভিন্ন অঞ্চলত তেওঁ নিজে আর্হি প্রস্তুত কৰা ঘৰচিৰিকা বাহৰ বাকচৰ বিনামূলীয়া বিতৰণৰ জৰিয়তে ঘৰচিৰিকা সংৰক্ষণৰ ক্ষেত্ৰত তেওঁ উল্লেখযোগ্য অবদান আগবঢ়াইছে ।