টীয়ক, 9 জুলাই :‘‘অসমৰ বান সমস্যাক কোনো দিনে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা বুলি গণ্য নকৰাৰ ফলতেই প্ৰতি বছৰে বাৰিষাৰ সময়ত অসমৰ অৱস্থা ক্ৰমাৎ বেয়া হৈ আহিছে । আজি আঠটা বছৰে পূৰ্বৰ চৰকাৰে নিৰ্মাণ কৰা মথাউৰি, ৰিং বান্ধ আদিবোৰ মেৰামতিৰ বাবে কোনো আঁচনি গ্ৰহণ কৰা নাই চৰকাৰে ৷ যি দুই-এটা নতুন কাম হৈছে সেয়াও আসোঁৱাহপূৰ্ণ ।’’ এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ ৷
কংগ্ৰেছ সাংসদগৰাকীয়ে সোমবাৰে যোৰহাটৰ বানাক্ৰান্তসকলৰ ওচৰলৈ গৈ পৰিস্থিতিৰ বুজ লয় ৷ তেওঁ চৰকাৰৰ ভূমিকাক সমালোচনা কৰি কয়, ‘‘অসমৰ বান সমস্যা বুজ ল'বলৈ এই পৰ্যন্ত কোনো কেন্দ্ৰীয় নেতা অসমত উপস্থিত হোৱা নাই । কেৱল কথাৰ ফুলজাৰি মাৰিয়েই এইখন চৰকাৰ চলি আছে ৷ এইখন চৰকাৰে ৰাইজৰ দুৰ্দশাৰ প্ৰতি কোনোদিনে কাণসাৰ দিয়া নাই ৷’’
লগতে পঢ়ক :গৃহমন্ত্ৰী নিজেই আহি পুখুৰী খান্দি বান সমস্যা ৰোধ কৰক: গৌৰৱ গগৈ - ASSAM FLOOD 2024
উল্লেখ্য যে, সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে যোৰহাট জিলাৰ কেইবাটাও বানপীড়িত অঞ্চলত উপস্থিত হৈ ৰাইজৰ সমস্যাৰ বুজ লয় নৱ নিৰ্বাচিত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা জনপ্ৰিয় নেতা গৌৰৱ গগৈয়ে ৷ লগতে একেদিনাই সাংসদ গগৈয়ে বিয়লি ভাগত টীয়কৰ জাঁজীমুখত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ সৈতে মত-বিনিময় কৰি বান পৰিস্থিতিৰ বুজ লয় ।