চতিয়া : ২০২৬ চনত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন । যাক লৈ ইতিমধ্যে শোণিতপুৰ জিলাত প্ৰস্তুতি আৰম্ভ হৈছে । শঙ্কৰদেৱ সংঘ আৰু টাইপাৰ মাজত সংঘাত চলি থকাৰ সময়তে অধিৱেশনৰ বাবে প্ৰস্তুতি চলাইছে সংঘৰ বিষয়ববীয়া তথা ভকত-বৈষ্ণৱসকলে । জামুগুৰিহাটৰ ধলাইবিলত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে ।
ইফালে অধিৱেশনৰ ভকত-বৈষ্ণৱ থকাৰ বাবে যি অস্থায়ী গৃহ নিৰ্মাণ হ'ব তাৰ বাবে সমূহীয়াকৈ খেৰ কটা পৰ্ব আৰম্ভ কৰিছে সংঘৰ শ শ সেৱকে । জামুগুৰিহাটৰ 'কন্যকা' কৃষি পামত উপস্থিত হৈ শঙ্কৰদেৱ সংঘৰ তেজপুৰৰ উপৰিও বিশ্বনাথ, ঢেঁকীয়াজুলিকে ধৰি বিভিন্ন প্ৰান্তৰ শ শ সেৱকে হৰিনামৰ ধ্বনিৰে আৰম্ভ কৰে খেৰ কটা পৰ্ব । সমূহীয়া খেৰ কটা উৎসৱত প্ৰতিগৰাকী সেৱকৰ মুখতেই শুনিবলৈ পোৱা গ'ল কৃষ্ণ নামৰ ভকতি । একপ্ৰকাৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হ'ল জীয়া ভৰলী নদীৰ পাৰ ।
শঙ্কৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি (ETV Bharat) ইফালে কন্যকা কৃষি পামত সমূহীয়া খেৰ কটা উৎসৱত সংখ্যালঘু ৰাইজেও অংশগ্ৰহণ কৰে । মুঠতে জামুগুৰিহাটৰ ধলাইবিলত ২০২৬ চনত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰতিগৰাকী নিষ্ঠাবান সেৱকে উঠি পৰি লাগিছে । ইয়াৰ মাজতে বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা পামৰ একাংশ বিষয়ববীয়াই জনাইছে যে অধিৱেশনৰ দিনকেইটাত প্ৰয়োজন হোৱা শাক-পাচলি পামৰ তৰফৰ পৰা যোগান ধৰা হ'ব ।
এই সন্দৰ্ভত এগৰাকী কৃষকে কয়,"আমি ভৰলীপৰীয়া কন্যকা পামৰ কাৰণে এটা ঐতিহাসিক দিন বুলি ভাবিছো । আমাৰ পৰিচালন সঞ্চালক পদ্ম হাজৰিকা ইয়াত উপস্থিত নাই । তেওঁ চেন্নাইত আছে আৰু ভিডিঅ' কলৰ জৰিয়তে সকলোকে সেৱা জনাইছে । আমি কন্যকা পামৰ পৰিয়ালবৰ্গই এটা পৰিকল্পনা হাতত লৈছো । এই অধিৱেশনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ভকতসকলক আপ্যায়নৰ বাবে কন্যকাত উৎপাদিত শাক-পাচলি, দৈ, গাখীৰ, গুৰ, কল আদি যোগান ধৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিলো ।"
লগতে পঢ়ক :গোলাঘাটত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ টাই-আহোম সংগঠনৰ - FIR AGAINST SANKARADEVA SANGHA