গুৱাহাটী: পোহৰৰ উৎসৱ দীপাৱলীক লৈ ৰাজ্যৰ চৌদিশে ব্যাপক উৎসাহ-উদ্দীপনা । ব্যতিক্ৰম নহয় মহানগৰী গুৱাহাটীও । গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে এটা বেচৰকাৰী সংস্থাই প্ৰতিবছৰৰ দৰে এইবাৰো হাতত লৈছে এক ব্যতিক্ৰমী পদক্ষেপ । দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ৰং-তুলিকাৰে সজাই-পৰাই তুলিছে মাটিৰ চাকি ।
পোহৰৰ উৎসৱ দীপাৱলীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ দীপাৱলীত মাটিৰ চাকি বনোৱাত ব্যস্ত হৈ পৰিছে এদল দিব্যাংগ শিশু-কিশোৰী । গুৱাহাটী মহানগৰীৰ বিৰুবাৰীৰ ৰামকৃষ্ণ পথত থকা শিশু সাৰথিৰ ছাত্ৰ-ছাত্ৰীয়ে ৰং-বিৰঙী মাটিৰ চাকি নিৰ্মাণ কৰি উলিয়াইছে ।
শিশু সাৰথিৰ শিক্ষয়িত্ৰী গায়ত্ৰী দেৱী অধিকাৰীয়ে কয়, "মই ইয়াত ২০০৫ চনৰ পৰা জড়িত হৈ আছো । আমি স্কিল ডেভলেপমেন্টৰ বাবে প্ৰশিক্ষণ দিও । পেপাৰ ক্ৰাফ্ট, স্ক্ৰীন প্ৰিন্টিং আদিৰ প্ৰশিক্ষণ দিও । দেৱালীৰ সময়ত মাটিৰ চাকিৰ ডিজাইন কৰো । এইবাৰো ১০ হাজাৰ মাটিৰ চাকিত ৰঙেৰে ডিজাইন কৰিছে প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ।"