অসম

assam

ETV Bharat / state

২৪ ঘন্টাই বিদ্যুৎ যোগান; বিভাগীয় অভিযন্তাক বিশেষ পৰামৰ্শ শক্তিমন্ত্ৰী ফুকনৰ - SAFE POWER SUPPLY

ৰাজ্যবাসীক সুৰক্ষিত বিদ্যুৎ যোগান ধৰাৰ পৰিকল্পনা নতুন শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনৰ । বিভাগৰ দায়িত্ব লৈয়ে সুৰক্ষিত বিদ্যুৎ যোগান নিশ্চিত কৰিবলৈ নিৰ্দেশ শক্তিমন্ত্ৰীৰ ।

New Minister Prasant Phukan plans to provide safe electricity
দায়িত্ব লৈয়ে বিভাগীয় অভিযন্তাক কি নিৰ্দেশ দিলে মন্ত্ৰীয়ে ? (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 5 hours ago

মৰাণ:অসম চৰকাৰ অতি গুৰুত্বপূৰ্ণ এটা বিভাগ হৈছে শক্তি বিভাগ । এই বিভাগে ৰাজ্যবাসীক বিদ্যুৎ যোগান ধৰি কৰ সংগ্ৰহৰ চেষ্টা কৰাৰ সমান্তৰালভাৱে ২৪ ঘন্টাই বিদ্যুৎ যোগান ধৰাৰ বাবে চৰকাৰৰ সন্মুখত আছে প্ৰত্যাহ্বান । শেহতীয়াকৈ ৰাজ্যৰ বিদ্যুৎ বিভাগে আৰম্ভ কৰা স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰি ধাৰাবাহিক প্ৰতিবাদ আৰম্ভ হৈছিল । আজিও বিভিন্ন প্ৰান্তৰত এই প্ৰতিবাদ অব্যাহত আছে । আনহাতে নিৰ্বাচনৰ সময়ত শাসক দল বিজেপিয়ে ২৪ ঘন্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই বিজেপি চৰকাৰ ।

তেনে সময়তে অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শক্তিমন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰিছিল ডিব্ৰুগড়ৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনক । শক্তি বিভাগৰ দায়িত্ব লাভ কৰি বিভাগটোৰ কাম-কাজ তদাৰক কৰাত ব্যস্ত হৈছে শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন । মন্ত্ৰীৰ দায়িত্ব লাভ কৰিয়েই শনিবাৰে অসম শক্তি শক্তি বিতৰণ কোম্পানীৰ কাৰ্যালয়ত হঠাৎ উপস্থিত হয় শক্তি মন্ত্ৰী প্ৰশান্ত ফুকন । ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠস্থিত বৈদ্যুতিক খণ্ডৰ কাৰ্যালয়ৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ এপিডিচিএলৰ বিষয়াসকলৰ সৈতে মত-বিনিময় কৰে মন্ত্ৰী ফুকনে ।

দায়িত্ব লৈয়ে বিভাগীয় অভিযন্তাক কি নিৰ্দেশ দিলে মন্ত্ৰীয়ে ? (ETV Bharat Assam)

তদুপৰি সুৰক্ষাজনিত ব্যৱস্থাসমূহ ল'বলগীয়া পদক্ষেপ সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে । জনসাধাৰণক ২৪ ঘন্টাই বিদ্যুৎ যোগান ধৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াক নিৰ্দেশ প্ৰদান কৰে । ইয়াৰ ওপৰিও ডিব্ৰুগড়ৰ বহুকেইটা স্থানত বিদ্যুৎ বিভাগে কৰি থকা কাম পৰিদৰ্শন কৰি অগ্ৰগতি বুজ লয় ।

সুৰক্ষিত বিদ্যুৎ যোগান নিশ্চিত কৰিবলৈ বিষয়ালৈ নিৰ্দেশ শক্তিমন্ত্ৰীৰ:

ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠস্থিত বৈদ্যুতিক চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ নতুন শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে ৰাজ্যবাসীক সুৰক্ষিত বিদ্যুৎ যোগান ধৰাৰ পৰিকল্পনা কৰাৰ কথা সংবাদ মাধ্যমত অৱগত কৰে । শক্তি মন্ত্ৰী গৰাকীয়ে কয়, "শক্তি বিভাগৰ দায়িত্ব লোৱা পাছতে প্ৰথমে ডিব্ৰুগড়তে বিভাগৰ বিষয়াসকলৰ সৈতে বহু কেইটা স্থানত কাম-কাজ বুজ ল'লোঁ । বিদ্যুৎ যোগানৰ ক্ষেত্ৰত ৰাইজৰ সুৰক্ষাৰ কথা গুৰুত্ব প্ৰদান কৰা হৈছে ।"

তেওঁ লগতে কয়, "বিদ্যুতৰ খুঁটাসমূহ কেনেকৈ পোন কৰি ৰাখিব পাৰি তাৰ পৰিকল্পনা কৰা হৈছে । ৰাইজক সুৰক্ষিত বিদ্যুৎ যোগান ধৰাত প্ৰধানকৈ গুৰুত্ব দিছে বিদ্যুৎ বিভাগে । সুৰক্ষিত বিদ্যুৎ যোগানৰ ক্ষেত্ৰত পুৰণি খুঁটা সমূহ নতুন কৰা পৰিকল্পনা কৰা হৈছে ।" প্ৰতিজন বিভাগীয় অভিযন্তাক নিজ নিজ এলেকাত থকা অসুৰক্ষিত বিদ্যুৎ যোগান ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে ।

লগতে পঢ়ক:২৪ ঘণ্টাই কাম কৰিম: ডিব্ৰুগড়ত মন্ত্ৰী প্ৰশান্ত ফুকন: Minister Prasanta Phukan - MINISTER PRASANTA PHUKAN

ৰুটী, কপড়া ঔৰ মকানৰ লগতে বিদ্যুৎ: শক্তি বিভাগৰ দায়িত্ব লৈয়ে প্ৰশান্ত ফুকনৰ ঘোষণা - PRASANTA PHUKAN TAKE CHARGE

ABOUT THE AUTHOR

...view details