জোনাই, 17 জুন : আজিও আদিম যুগৰ দৰে বহিৰ্জগতৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ধেমাজি জিলাৰ জোনাইৰ বৃহত্তৰ ৰাজাখানা অঞ্চলবাসী ৰাইজে । এটা সদাব্যস্ত পথৰ দুৰৱস্থাই বছৰ বছৰ ধৰি জীয়াতু ভুগাইছে অঞ্চলটোৰ ৰাইজক । বাৰিষাটো দূৰৰ কথা খৰালিটো এই পথচোৱাৰে অহা-যোৱা কৰাত যমৰ যাতনা ভুগি আহিছে অঞ্চলটোৰ ৰাইজে ৷
ইফালে বাৰিষাৰ কথা ক’বই নালাগে, বাৰিষাৰ সময়ত এই ব্যস্ততাময় পথচোৱা বোকাময় পথাৰলৈ ৰূপান্তৰ হয় ৷ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী প্ৰায় কুৰিটাৰো অধিক গাঁৱৰ ৰাইজে অহা যোৱা কৰা এই পথৰ দুৰৱস্থাই বাৰুকৈয়ে জলাকলা খুৱাইছে অঞ্চলটোৰ ৰাইজক ।
পথৰ মাজত থকা প্ৰকাণ্ড প্ৰকাণ্ড গাঁত, দেখিলে আপুনিও আচৰিত হ'ব যে, এয়া পথ নে পথাৰ । বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে দৈনিক সহস্ৰাধিক লোকে অহা যোৱা কৰা একমাত্ৰ এই পথৰ দুৰৱস্থাই অঞ্চলটোৰ ৰাইজক দোমোজাত পেলাইছে ।