অসম

assam

গুলী চালনাৰে আতংকৰ সৃষ্টি কৰি ৰঙা ঘৰৰ আলহী হ’ল খোদ আৰক্ষী বিষয়া ! আচলতে হৈছিল কি ! - Firing Incident

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 10:19 PM IST

Firing Incident : বিনা কাৰণত গুলী চালনা কৰি আটক এগৰাকী আৰক্ষী বিষয়া ৷ গুলী চালনা কৰি ঘটনাস্থলীৰ পৰা আঁতৰি যায় অভিযুক্ত আৰক্ষী বিষয়াজন ৷ ইতিমধ্যে আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত বিষয়াজন ৷

Firing Incident
ছাৰ্ভিছ পিষ্টেলেৰে গুলীচালনা কৰি আতংকৰ সৃষ্টি আৰক্ষী বিষয়াৰ (ETV BHARAT ENGLISH DESK)

বঙাইগাঁও, 2 জুন : ছাৰ্ভিছ পিষ্টলেৰে গুলীচালনা কৰি আৰক্ষীৰ জিম্মাত আৰক্ষী ৷ কোনো কাৰণ নোহোৱাকৈ নিজৰ ছাৰ্ভিছ পিষ্টেলেৰে তিনি জাঁই গুলী চালনা কৰি বৰ্তমান আৰক্ষীৰ জিম্মাত আছে এজন আৰক্ষী বিষয়া ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ পাতিলাদহা গাৰোলেটি গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ শনিবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা ৷

গুলী চালনা কৰি আটক আৰক্ষী বিষয়া (ETV BHARAT ASSAM)

অভিযোগ অনুসৰি সৰভোগৰ নিবাসী তথা কাজলগাঁওস্থিত চিৰাঙ জিলা আৰক্ষী চাউনীৰ ASI বিপ্লৱ দাসে শনিবাৰে সন্ধিয়া নিজৰ দায়িত্ব সামৰি নিজ ঘৰলৈ যোৱাৰ সময়তে মাণিকপুৰৰ পাতিলাদহা গাৰোলেটি গাঁৱৰ ৰঞ্জিত নাথৰ ঘৰত সোমায় ৷ ইয়াতে পূৰ্বৰ পৰাই চিনাকী ৰঞ্জিত নাথৰ পুত্ৰ জ্যোতিষ নাথৰ লগত কিছু সময় কথা পাতে আৰক্ষী বিষয়াজনে ৷ কিন্তু কথা পাতি থকাৰ মাজতে নিজৰ ছাৰ্ভিছ পিষ্টলৰে ৰঞ্জিত নাথৰ ঘৰৰ ছিৰিত গুলীচালনা কৰে ASI বিপ্লৱ দাসে ৷ অভিযোগ অনুসৰি ব্যক্তিজনৰ ঘৰত মুঠ তিনি জাঁই গুলী চালনা কৰি ঘটনাস্থলীৰ পৰা আঁতৰি যায় অভিযুক্ত আৰক্ষী বিষয়া বিপ্লৱ দাস ৷

আৰক্ষী বিষয়াজনৰ এই গুলী চালনাত কোনো লোক হতাহত হোৱা নাই যদিও ৰঞ্জিত নাথৰ পৰিয়াল এই ঘটনাত আতংকিত হৈ দিগ-বিদিগ হেৰুৱাই ৷ পৰৱৰ্তী সময়ত ৰঞ্জিত নাথৰ পুত্ৰ জ্যোতিষ নাথে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বিপ্লৱ দাসক নিজ গৃহৰ পৰা আটক কৰে ৷ সম্প্ৰতি বিপ্লৱ দাস মাণিকপুৰ আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে ৷ জ্যোতিষ নাথে সাংবাদিকৰ আগত উল্লেখ কৰা মতে সুৰাৰ নিচাত নিজৰ ছাৰ্ভিছ পিষ্টলৰে গুলী চালনা কৰে ASI বিপ্লৱ দাসে ৷ ঘটনা সন্দৰ্ভত মাণিকপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :গুৱাহাটীত ছুৰিকাঘাতৰ ঘটনা: আৰক্ষীৰ জালত উদভ্ৰান্ত প্ৰেমিক ! - Stabbing Incident In Guwahati

লগতে পঢ়ক :ড্ৰাগছ আসক্ত যুৱকৰ ছুৰীকাঘাতত তেজেৰে লুতুৰি পুতুৰি এজন - ATTEMPTED TO MURDER

ABOUT THE AUTHOR

...view details